আজিও উত্তপ্ত মণিপুৰ: জাৰি কৰা হৈছে কাৰ্ফিও, বন্ধ ইন্টাৰনেট...

মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ লগতে ৰাজধানী চহৰ ইম্ফলত কাৰফিউ জাৰি, পাঁচ দিনৰ বাবে স্থগিত ৰখা হয় ইণ্টাৰনেট সেৱা

author-image
Asomiya Pratidin
New Update
আজিও উত্তপ্ত মণিপুৰ: জাৰি কৰা হৈছে কাৰ্ফিও, বন্ধ ইন্টাৰনেট...

ডিজিটেল ডেস্ক : বুধবাৰৰে পৰা মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ লগতে ৰাজধানী চহৰ ইম্ফলত তাৎক্ষণিক ভাৱে কাৰফিউ জাৰি কৰা হয়। তদুপৰি পাঁচ দিনৰ বাবে স্থগিত ৰখা হয় ইণ্টাৰনেট সেৱা। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰৰ এক ৰেলীত হোৱা হিংসাত্মক ঘটনাৰ পিছত চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত উত্তেজনা অব্যাহত থকাৰ বাবে এই সিদ্ধান্ত ৰাজ্যখনৰ প্ৰশাসন তথা চৰকাৰৰ।

Advertisment

খবৰ অনুসৰি, পাহাৰীয়া সম্প্ৰদায়ৰ দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। পথৰ কাষত থকা নিৰ্দিষ্ট সম্প্ৰদায়ৰ যুৱক-যুৱতীক লক্ষ্য কৰি আন একাংশই কৰা মন্তব্যৰ পৰাই সূত্ৰপাত হয় সংঘৰ্ষৰ। ঘটনাক কেন্দ্ৰ কৰি এটা সম্প্ৰদায়ৰ সম্পত্তি জ্বলাই দিয়াৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। যাৰ ফলত ৰাজ্যিক নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

মণিপুৰৰ জনজাতীয় সংস্থা মেইটেই/মিতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সংহতি পদযাত্ৰাৰ আয়োজন কৰিছিল। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰে (এটিএছইউএম) সেনাপতি, উখৰুল, কাংপোকপি, তামেংলং, চুৰাচান্দপুৰ, চান্দেল আৰু টেংনুপাল পাহাৰীয়া জিলাসমূহত এই পদযাত্ৰাৰ কথা ঘোষণা কৰে। য'ত ৰাজ্যখনৰ প্ৰায় ৪০ শতাংশ লোকে অংশগ্ৰহণ কৰে।

উক্ত পদযাত্ৰাত বনাঞ্চলৰ দাঁতিকাষৰীয়া বহু খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ অভিযান চলোৱা কাৰ্যক লৈ মাত মাতিছিল সাধাৰণ জনতাই। এনে কেইবাটাও কাৰণৰ মিশ্ৰিত প্ৰতিক্ৰিয়াত উত্তপ্ত হৈ পৰে প্ৰতিবাদ স্থলী। আৰু তেতিয়াৰ পৰাই আজি পৰ্যন্ত একপ্ৰকাৰৰ অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে মণিপুৰত। যাৰ ফলত ১৪৪ ধাৰা, কাৰ্ফিওকে আদি কৰি ইন্টাৰনেট পৰ্যন্ত বন্ধ ৰখাৰ পৰিস্থিতি সৃষ্টি হয়।

Also Read: জে ই ই পৰীক্ষাৰ শিথিলতা আবেদন নাকচ বোম্বে উচ্চ ন্যায়ালয়ৰ...

manipur