/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b07e1399-17a7-499a-a1a5-2e3a06ae32be/IMPHAL_13.jpg)
সেনা আৰক্ষীৰ অভিযানত পশ্চিম ইম্ফল জিলাৰ পৰা বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ...
ডিজিটেল সংবাদ বেকাজানঃ আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে আজি বিশেষ খবৰ ভিত্তিত ইম্ফল পশ্চিম জিলা আৰক্ষী থানাৰ অন্তৰ্গত কামেং, খামৰাণ আৰু মানা ইংখোল গাঁৱত অভিযান চলাই বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে সংযুক্ত বাহিনীয়ে তিনিখন গাঁৱৰ প্ৰায় ১৫০টা ঘৰত তালাচী চলায়।
সেনা আৰু আৰক্ষীয়ে ৩টা কাৰ্বাইন ৫ টা কাৰ্বাইন মেগাজিন ১টা ৯ মিমি পিষ্টল, ১ টা ৭.৬৫ লামা পিষ্টল, ৩ ৩৬ এইচ ই গ্ৰেনেড ,১টা স্কোপ থকা এয়াৰ গান ,গুলী ৬৭ টা ৯ মিলিমিটাৰ বাৰুদ, ৭৮টা ০.৪৫ মিলিমিটাৰ বাৰুদ ১ টা ইনছাছ ৰাইফলৰ, ১টা প্লাষ্টিকৰ মেগজিন, ৮ টা বি পি জেকেট , ১৩ যোৰ আৰক্ষীৰ ইউনিফৰ্ম পেণ্ট, ৮ যোৰ জংঘলৰ বুট ,১৯টা ডামি ৰাইফল , ৩ টা ৰেডিঅ' চেট , ৪টা চাৰ্জাৰৰ কেচিপিৰ ৰচিদ পুস্তিকা, ১খন উপস্থিতিৰ পঞ্জীয়ন বহী, ৬ টা মোবাইল ফোন ,পঞ্জীয়ন নম্বৰ প্লেট নথকা এখন মাৰুতি জিপ্সীসহ উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আইনী ব্যৱস্থা গ্ৰহণৰ বাবে লামছাং আৰক্ষী থানাত গতাই দিয়া হৈছে।
Also Read: নতুন বিধানসভা ভৱনৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা...