/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2280122a-cb65-43ed-9e35-10b89767bb07/ap_web_manipur.jpg)
ডিজিটেল ডেস্কঃ হিংসাপীড়িত ৰাজ্য মণিপুৰত শান্তি ঘূৰাই আনিবৰ বাবে কুকিৰ স্বেচ্ছাসেৱকসকলে আটক কৰি ৰখা ৫ গৰাকীকৈ মেইটেই যুৱকক মুকলি কৰি দিয়ে। ৰাজ্যখনত ভাল পৰিস্থিতি ঘূৰাই আনিবৰ বাবে ২ জুলাইত শান্তিৰ বাৰ্তা হিচাপে এই যুৱককেইজনক মুকলি কৰি দিয়ে।
চাইকুল আৰক্ষী থানাৰ অন্তৰ্গত ৫ জন যুৱকক আটক কৰিছিল। কুকিৰ স্বেচ্ছাসেৱক সকলে কয় যে, তেওঁলোকক জেৰা চলোৱা হৈছিল আৰু জেৰাৰ সময়ত বহু তথ্য পোহৰলৈ আহিছিল। এই সকলোবোৰ ভিডিঅ' কৰি ৰখা হৈছে।
তেওঁলোকৰ মতে,মণিপুৰৰ ব্যাপক হিংসাত্মক পৰিস্থিতিৰ মূল সূত্ৰধাৰ হৈছে মুখ্যমন্ত্ৰী এন বীৰেন সিং। আৰু মেইটেই সম্প্ৰদায়ৰ বহুতো এই হিংসাৰ বিৰোধী। এন বীৰেন সিং মুখ্যমন্ত্ৰী হিচাপে বিফল।
তাৰপাছত কুকিৰ স্বেচ্ছাসেৱকসকলে কয় যে, ''বহু চাঞ্চল্যকৰ তথ্য লাভ কৰাৰ পাছতো আমি আটক কৰি ৰখা যুৱককেইজনক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিলো। আমাৰ উদ্দেশ্য মেইটেই ভাইসকললৈ এক শক্তিশালী শান্তিৰ বাৰ্তা প্ৰেৰণ কৰা''।
তেওঁলোকে লগতে কয় যে, বিৰোধীয়ে আক্ৰমণ অব্যাহত ৰাখিলেও আমি তেওঁলোকক ঘূৰাই দিয়াৰ সিদ্ধান্ত ল'লো আৰু ভাৰতীয় সেনাৰ হাতত ৫ যুৱকক গতাই দিও। তেওঁলোকে কয় যে, আমি কুকিসকল শান্তিপ্ৰিয়। আমি এই হিংসাৰ সমাপ্তি বিচাৰো। লগতে মেইটেই সম্প্ৰদায়ক কুকিসকলৰ শান্তিপূৰ্ণ মানসিকতা অনুসৰণ কৰিবলৈ আৰু হিংসাৰ সমাপ্তি ৰখাৰ বাবে আহ্বান জনায়।