ভাৰত-ম্যানমাৰ সীমান্তত PLA ৰ প্ৰতিশোধমূলক আক্ৰমণত KNFBৰ কেডাৰ নিহত: কেইবাজনো আহতৰ খবৰ..

আন্তঃৰাষ্ট্ৰীয় সীমান্তত পেৰা কমাণ্ডোকে ধৰি বৃহৎ সংখ্যক ভাৰতীয় নিৰাপত্তা বাহিনী মোতায়েন
ভাৰত-ম্যানমাৰ সীমান্তত PLA ৰ প্ৰতিশোধমূলক আক্ৰমণত KNFBৰ কেডাৰ নিহত: কেইবাজনো আহতৰ খবৰ..
ভাৰত-ম্যানমাৰ সীমান্তত PLA ৰ প্ৰতিশোধমূলক আক্ৰমণত KNFBৰ কেডাৰ নিহত: কেইবাজনো আহতৰ খবৰ..

ডিজিটেল সংবাদ বেকাজানঃ ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত আজি পুৱা প্ৰায় ৫-৫০ বজাত ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্টৰ সশস্ত্ৰ শাখা মণিপুৰৰ পিপলছ লিব্ৰেচন আৰ্মি (পিএলএ)ৰ প্ৰতিশোধমূলক আক্ৰমণত কুকি সশস্ত্ৰ উগ্ৰপন্থীৰ কে এন এফ-বিৰ এজন কেডাৰ নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বৃহৎ সংখ্যক কে এন এফ-বিয়ে কুকি উগ্ৰপন্থী পি এ এল শিবিৰত আক্ৰমণৰ চেষ্টা চলোৱাৰ পিছতে সংঘটিত হয় এই প্ৰতিশোধমূলক আক্ৰমণ।

সূত্ৰই জনোৱা মতে আজি পুৱাই কেএনএ-বি যুদ্ধ ইউনিফৰ্ম পৰিহিত বৃহৎ সংখ্যক সশস্ত্ৰ উগ্ৰপন্থীয়ে ম্যানমাৰ সীমান্তৰ ওচৰৰ মণিপুৰৰ কাবাৱ উপত্যকা আৰু কামজং জিলাৰ মাজত এদল সশস্ত্ৰ পি এল এ কেডাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। যিহেতু কেএনএ-বিৰ কেডাৰৰ সংখ্যা বেছি আছিল সেয়েহে তেওঁলোকে প্ৰথমে নিৰাপদ স্থানলৈ আঁতৰি যায়।

ইয়াৰ পাছতে পি এল এৰ প্ৰতিশোধমূলক আক্ৰমণত কে এন এফ-বিৰ এজন কেডাৰৰ মৃত্যু হয় আৰু এটা এ কে ৫৬ ৰাইফলো উদ্ধাৰ কৰা হয়। ইয়াৰ পূৰ্বেও ম্যানমাৰৰ কেএনএ-বি, পিডিএফৰ আৰু কুকি উগ্ৰপন্থীৰ সশস্ত্ৰ কেডাৰৰ মাজত বিগত ৪ দিন ধৰি বিদ্ৰোহী শিবিৰত সংঘৰ্ষৰ হোৱাৰ খবৰ পোৱা গৈছে।

ইফালে এই আক্ৰমণৰ পিছতে ৯০ আৰু ৯১ নং আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজত পেৰা কমাণ্ডোকে ধৰি বৃহৎ সংখ্যক ভাৰতীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা বুলি জানিব পৰা গৈছে।

ভাৰত-ম্যানমাৰ সীমান্তত PLA ৰ প্ৰতিশোধমূলক আক্ৰমণত KNFBৰ কেডাৰ নিহত: কেইবাজনো আহতৰ খবৰ..
বোকাখাতৰ কুৰুৱাবাহীৰ ধনশিৰি নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in