নাগালেণ্ডৰ মন জিলাত কে এল অ’ৰ বৈদেশিক সচিবসহ ৭ কেডাৰৰ আত্মসমৰ্পণ!

ভাৰত চৰকাৰৰ সৈতে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ অৰ্থাৎ কে এল অ'ৰ শান্তি চুক্তি চলি থকাৰ মাজতে ম্যানমাৰত আত্মগোপন কৰি থকা সংগঠনটোৰ বৈদেশিক সচিব পাভেল কোচ আৰু আন ৭ জন কেডাৰে আজি আত্মসমৰ্পণ কৰে

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডৰ মন জিলাত কে এল অ’ৰ বৈদেশিক সচিবসহ ৭ কেডাৰৰ আত্মসমৰ্পণ!

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডৰ মন জিলাত আত্মসমৰ্পণ কে এল অ'ৰ সদস্যৰ। ভাৰত চৰকাৰৰ সৈতে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেছনৰ অৰ্থাৎ কে এল অ'ৰ শান্তি চুক্তি চলি থকাৰ মাজতে ম্যানমাৰত আত্মগোপন কৰি থকা সংগঠনটোৰ বৈদেশিক সচিব পাভেল কোচ আৰু আন ৭ জন কেডাৰে আজি আত্মসমৰ্পণ কৰে। ভাৰত-ম্যানমাৰৰ সমীপৰ নাগালেণ্ডৰ মন জিলাৰ লংৱা গাঁৱত নিৰাপত্তাৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে সদস্য কেইজনে।

Advertisment

এক সূত্ৰই জনোৱা মতে, বৈদেশিক সচিব পাভেল কোচ আৰু চাৰ্জেণ্ট মেজৰ কল্যাণ কোচে ম্যানমাৰ ছাগাইঙি খামটিৰ আহি নাগালেণ্ডৰ মন জিলাৰ লংৱাত আত্মসমৰ্পণ কৰাৰ বিপৰীতে বাকী ৬ জনে অজ্ঞাত স্থানৰ পৰা আহি আত্মসমৰ্পণ কৰিছে। তথ্য অনুসৰি, ম্যানমাৰৰ নগা বসতিপ্ৰধান এলেকাত আশ্ৰয় লৈ আছিল কে এল অ'ৰ শীৰ্ষ নেতা দুগৰাকীয়ে।

আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰা কে এল অ’ৰ বৈদেশিক সচিব গৰাকীক কাইলৈ কটকটীয়া নিৰাপত্তা মাজেৰে ​​গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ১৭ জানুৱাৰীত আন ৯ জনৰ সৈতে কে এল অ’ৰ মুৰব্বী জীৱন কোচ ওৰফে টিমিৰ দাসে আত্মসমৰ্পণ কৰা ২ মাহ নহওঁতেই পুনৰ বৈদেশিক সচিব গৰাকীয়ে নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Also Read: Top Education Boards in India: ভাৰতৰ মূল শিক্ষা পৰিষদসমূহ

Govt of India