Advertisment

হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চাকমা, হাজংক অসমত সংস্থাপিত কৰাৰ ভুৱা প্ৰচাৰ চলাইছে- কিৰেণ ৰিজিজু

সংবাদ মাধ্যমৰ আগত স্পষ্টিকৰণ দিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চাকমা, হাজংক অসমত সংস্থাপিত কৰাৰ ভুৱা প্ৰচাৰ চলাইছে- কিৰেণ ৰিজিজু

হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চাকমা, হাজংক অসমত সংস্থাপিত কৰাৰ ভুৱা প্ৰচাৰ চলাইছে- কিৰেণ ৰিজিজু

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত বাস কৰি থকা চাকমা আৰু হাজং শৰণাৰ্থীসকলক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত সংস্থাপিত কৰিব বুলি কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰা বুলি যি বাতৰি প্ৰকাশ পাইছে সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্পষ্টিকৰণৰ প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কিৰেণ ৰিজিজুৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- অসমত কোনোবা দুষ্ট চক্ৰই তথ্যগতভাৱে ভুল বাতৰি প্ৰচাৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ কোনোবাই অসমত ভুল বাতৰি কৰিছে।

Advertisment

তেওঁ কয়, চাকমা, হাজং সকলক অৰুণাচললৈ শৰণাৰ্থী হিচাপে আনিছিল কংগ্ৰেছ চৰকাৰে ১৯৬৪ চনত। ১৯৬৪ ৰ পৰা ১৯৭০ লৈকে মাজে মাজে চাকমা, হাজং মানুহবোৰক অৰুণাচলত সংস্থাপিত কৰিছিল। নাগৰিকত্ব সংশোধনী আইন পাছ হৈছে। জনজাতীয় ৰাজ্য হিচাপে অৰুণাচলত 'কা' ৰ জৰিয়তে নাগৰিকত্ব নাপায়। সেয়ে আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে কথা পাতি ভাবিছোঁ যে, চাকমা, হাজং সকলক অৰুণাচলৰ পৰিৱৰ্তে বেলেগ স্থানত সংস্থাপিত কৰিবলৈ দাবী জনাম।

তেওঁ পুনৰ কয়, আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে চাকমা, হাজংসকলক পুনৰ সংস্থাপনৰ বাবে যিমান পাৰে সহায়ক কৰক। ড০ হিমন্ত বিশ্ব শৰ্মা অকল অসমৰেই মুখ্যমন্ত্ৰী নহয় তেওঁ 'নেডা'ৰ আহ্বায়কো। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰো জ্যেষ্ঠ মুখ্যমন্ত্ৰী। আমি তেওঁক চাকমা, হাজংৰ পুনৰসংস্থাপনৰ বাবে অনুৰোধ হে কৰিছিলোঁ। ভাৰতবৰ্ষৰ বাকীবোৰ ৰাজ্যত তেওঁলোকক সংস্থাপিত কৰিবলৈ এটা 'অপচন' বিচাৰি অনুৰোধ কৰিছিলোঁ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয় পুনৰ কয়, মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চাকমা, হাজং সকলক অসমত সংস্থাপিত কৰিবলৈ কোৱা নাই। মই তেওঁলোকক দেশৰ বেলেগ বেলেগ ৰাজ্যত সংস্থাপিত কৰিবলৈহে অনুৰোধ জনাইছিলোঁ। চাকমা, হাজংসকল অৰুণাচলত সদায় বাস কৰি থাকিলে সংঘাত হৈয়ে থাকিব। আইন অনুসৰি তেওঁলোকে অৰুণাচলত নাগৰিকত্ব নাপায়েই। অস্থায়ী নাগৰিক হিচাপেহে অৰুণাচলত থাকিব লাগিব।

ৰিজিজুৱে চাকমা, হাজং সকলক কংগ্ৰেছে ৰাজ্যখনত সংস্থাপিত কৰি ভুল কি থৈ যোৱাৰ অভিযোগ কৰি কয়- চাকমা, হাজং সকলক অৰুণাচলত সংস্থাপিত কৰি এই ভুল কংগ্ৰেছ দলেহে কৰিছিল। আমি কৰা নাই। অৰুণাচল প্ৰদেশত ইনাৰলাইন পাৰ্মিট আছে। কংগ্ৰেছে সেয়া অমান্য কৰি অবৈধভাৱে চাকমা, হাজংক অৰুণচালত বহাইছে। আমি কোৱা নাই চাকমা, হাজঙক অৰুণাচলৰ পৰা উঠাই অসমত বহাই দিবলৈ।

ৰিজিজুৰ মতে নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈহে দুষ্ট চক্ৰই এই ভুৱা প্ৰচাৰত লিপ্ত হৈছে। তেওঁ কয়, নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ কোনোবাই বদমাচি কৰিছে। মই ইয়াক নিন্দা কৰিছো। চাকমা, হাজংসকলক শৰণাৰ্থী হ'লেও তেওঁলোক মানুহ। মানুহ হিচাপে তেওঁলোকক উঠাই পেলাই দিব নোৱাৰি। জবৰদস্তি মাৰি পেলাব নোৱাৰি। শান্তিৰে অৰুণাচলৰ পৰা তেওঁলোকক বাহিৰলৈ যাবলৈ এটা বিকল্প দিছোঁ আমি। ইয়াৰ বাবে অসম চৰকাৰৰ আমি সহায় বিচাৰিছোঁ। মোৰ মতে কংগ্ৰেছ আৰু অসমৰ সংগঠনে জানি বুজি এই বাতৰি বিয়পাই আছে। কিৰেণ ৰিজিজু আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই কথাপাতি চাকমা, হাজংক অসমত সংস্থাপিত কৰিব লাগে বুলি মিছা প্ৰচাৰ কৰিছে।

উল্লেখ্য যে, বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হৈ ১৯৬৪ ৰ পৰা ১৯৬৯ ৰ সময়ছোৱাত ভাৰতলৈ প্ৰবজন কৰা চাকমা, হাজংসকল অৰুণাচলত শৰণাৰ্থী হিচাপে বাস কৰি আহিছে। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অৰুণাচলৰ প্ৰায় ৫ লাখ চাকমা, হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ পৰিকল্প কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণচালৰ সাংসদ কিৰেণ ৰিজিজুৱে কৰা বুলি অসমৰ একাংশ দল, সংগঠনে অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰোধিতাৰে বিবৃতি দিয়াৰ লগতে প্ৰতিবাদ পৰ্যন্ত কৰিছে।

Also Read: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ওদালগুৰি জিলা

কিৰেণ ৰিজিজু হাজং শৰণাৰ্থী চাকমা হিমন্ত বিশ্ব শৰ্মা