দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ওদালগুৰি জিলা

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ওদালগুৰি জিলা

ডিজিটেল সংবাদ,ওদালগুৰিঃ শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনত ওদালগুৰি জিলাৰ ৪ টা বিধানসভা সমষ্টি ক্ৰমে ৪৫ নম্বৰ ভেৰগাঁও,৪৬ নম্বৰ ওদালগুৰি,৪৭ নম্বৰ মাজবাট আৰু ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত ৩,৪১,৩৯৫ গৰাকী পুৰুষ, ৩,৪৭,৮০৭ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ৬,৮৯,২০৬ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব। জিলাখনত এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ২,৬২২ টা।

জিলাখনৰ উক্ত চাৰিওটা বিধানসভা সমষ্টিৰ লগতে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ১১ টাকৈ বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। উল্লেখ্য যে সমগ্ৰ জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে এইবাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল আজি পুৱা ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হ'ব। নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰৰ সবিশেষ তথ্য লাভ কৰা লগতে যাৱতীয় কাম-কাজ সম্পন্ন কৰি বিয়লি ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ওদালগুৰি জিলা
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ অসমৰ ৫সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থী কোন কোন, সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in