/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/090004ee-fa4e-4ba7-bdef-423bcc0ac52b/dimapur_8.jpg)
ডিমাপুৰত প্ৰতিষ্ঠিত কৰিমগঞ্জৰ ব্যৱসায়ীক গুলীয়াই হত্যা...
ডিজিটেল সংবাদ বোকাজানঃ নাগালেণ্ডৰ ডিমাপুৰত অসমৰ এগৰাকী ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
তথ্য অনুসৰি শুকুৰবাৰে নিশা ডিমাপুৰৰ চিগনেল বস্তিৰ সমীপত ব্যৱসায়ী আব্দুল কায়ুমক গুলীয়াই নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই। নিশা প্ৰায় ৯ বজাত সংঘটিত হৈছে এই ঘটনা।
কৰিমগঞ্জৰ বাসিন্দা আব্দুল কায়ুম দীৰ্ঘদিন ধৰি ডিমাপুৰতে বাস কৰি তাতেই প্ৰতিষ্ঠা লাভ কৰিছে। হত্যাবলি হোৱাৰ সময়লৈকে তেওঁ ডিমাপুৰৰ এগৰাকী অন্যতম প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ পৰিছিল। ইয়াৰোপৰি তেওঁ নিউ মাৰ্কেট নামৰ গাওঁখনৰ গাওঁবুঢ়া হিচাপেও দায়িত্ব লাভ কৰিছিল।
কিন্তু কোনে আৰু কিয় তেওঁক এইদৰে হত্যা কৰা হ'ল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে এই বিষয়ে জানিব পৰা যাব।
Also Read: কাইলৈ ভাৰত-পাকিস্তানৰ মেচঃ ৰোহিত, কোহলি, বুমৰাহৰ সৈতে আফ্ৰিদী, আমিৰ, বাবৰৰ যুঁজলৈ বিশ্ববাসীৰ দৃষ্টি