
ডিজিটেল সংবাদ, লামডিংঃ অক্টোবৰj 28 তাৰিখে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ লামডিং মাণ্ডলিক প্ৰৱন্ধক গৰাকীৰ উদ্যোগত ডিমাপুৰত অনুষ্ঠিত হোৱা নিযুক্তি মেলা (ৰোজগাৰ মেলা)ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ৷ কেন্দ্ৰীয় চৰকাৰৰ ৰোজগাৰ মেলাত ডিমাপুৰত ই মেইলৰ জৰিয়তে আৰু পোনপটীয়াকৈ ১১০জন নিবনুৱাক নিযুক্তি প্ৰদান কৰা হৈছে ।
লামডিঙৰ ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰে কয় যে- ডিমাপুৰত অনুষ্ঠিত এই নিযুক্তি মেলাত ১১০ জন নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে।ইয়াৰে ৬০ টা পদ ৰেল বিভাগ, ভাৰতীয় সেনাত ১জন, ডাক বিভাগত ৪০জন, পৰিয়াল আৰু স্বাস্থ্য কল্যাণ বিভাগত ৬ জন, উচ্চ শিক্ষা বিভাগত ২ জন আৰু বেংকত ১জনক নিয়োগ পত্ৰ প্ৰদান কৰা হয় ৷
উল্লেখযোগ্য যে শনিবাৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত অনুষ্ঠিত এই নিযুক্তি মেলাত (ৰৌজগাৰ মেলা) দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫১ হাজাৰ জন নিবনুৱাক চাকৰিত নিযুক্তি দিয়ে ৷ ২০২২ বৰ্ষত পৰা আৰম্ভ কৰা এই নিযুক্তি মেলা উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ তিনিটা সংমণ্ডলটো অনুষ্ঠিত হয় ৷
ৰেলৱে সংমণ্ডল শিলুগুৰি, মালিগাঁৱৰ উপৰিও নাগালেণ্ডৰ ডিমাপুৰত লামডিং ৰেলৱে মণ্ডলে নিযুক্তি মেলা অনুষ্ঠিত কৰে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফেৰঞ্চৰ জড়িয়তে এই নিযুক্তি মেলাৰ অনুষ্ঠান মুকলি কৰে ৷ আজিৰ এই নিযুক্তি প্ৰক্ৰিয়াত ৭০ শতাংশই ৰেল বিভাগত নিযুক্তি লাভ কৰাৰ বিপৰীতে স্বাস্থ্য বিভাগ, প্ৰতিৰক্ষা বিভাগ, বিত্ত বিভাগ, ডাক সেৱাৰ লগতে বহু বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰে৷