মোৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী

মোৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী

ডিজিটেল সংবাদ.মোৰাঝাৰ: হোজাইৰ মোৰাঝাৰত শনিবাৰে নিশা আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী ৷ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত কপাহবাৰীত নিশা আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাৰ খবৰে মোৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

হোজাই জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীয়ে এক গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান ৷ অভিযানত মটৰচাইকেলেৰে অহা এটা ডকাইতৰ দলক ৰবলৈ নিৰ্দেশ দিয়াত ডকাইতৰ দলটিয়ে আৰক্ষীলৈ গুলীচালনা কৰে ৷

আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত ছাইদুল আলম নামৰ ডকাইতটো আহত হয়৷ আহত ছাইদুলৰ দুয়ো ভৰিতে গুলী লাগিছে৷ সম্প্ৰতি হোজাইৰ হাম হস্পিটেলত ডকাইতটো চিকিৎসাধীন হৈ আছে৷ হোজাই আৰক্ষীয়ে বাকী ডকাইতকেইটাৰ সন্ধানত অভিযান চলাই আছে।

মোৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী
কঠীয়াতলীত আৰক্ষীৰ জালত পিষ্টলসহ ৫ ডকাইত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in