মণিপুৰত কুকি মহিলাৰ ওপৰত সংঘটিত জঘণ্য কাণ্ডক গৰিহণা ITSSA ৰ...
ডিজিটেল সংবাদ দিল্লীঃ মণিপুৰত যোৱা ৪ মে' তাৰিখে সংঘটিত আৰু বৰ্তমান সামাজিক মাধ্যমত বিশ্বজুৰি ভাৰতক লজ্জানত কৰা দুই কুকি মহিলাক এখন থানাৰ পৰা বলপূর্বক ভাৱে উলিয়াই আনি উলংগ কৰি ৰাজপথত শোভাযাত্ৰা কৰা আৰু পিছত ধৰ্ষণ কৰা আৰু পৰিয়ালৰ লোকক গুলিয়াই হত্যা কৰা বিশ্বৰ সবাতোকৈ জঘন্য, বৰ্বৰ আৰু ঘৃর্ণনীয় মানৱ অধিকাৰ উলংঘনৰ ঘটনাক এক প্ৰেছ বিবৃতিৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ই।
প্ৰেছ বিবৃতিত সাহিত্য সংগঠনটোৱে লিখিছে, যোৱা ২০ জুলাই, ২০২৩ তাৰিখৰ পৰাই দেশৰ ৰাজধানী নতুন দিল্লীত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি, মানননীয় প্রধানমন্ত্রী, মাননীয় গৃহমন্ত্রী, মাননীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু মাননীয় কেন্দ্রীয় শিক্ষামন্ত্রীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে বাহৰ পাতি থকা ইটছাৰ কেন্দ্ৰীয় বিষয়ববীয়াই আজি এই বৰ্বৰ আৰু অমানবীয় কাণ্ডক তীব্র ভাষাৰে গৰিহণা জনাইছে আৰু এই ঘটনাৰ লগত জড়িত দোষীসকলক কঠোৰতকৈ কঠোৰতম ভাৰতীয় দণ্ডবিধি আইনৰ দ্বাৰা উচিত আৰু তৎকালীন শাস্তি প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী জনাইছে।
আজি ই মেইল যোগে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত ইটছাই এই দাবী জনাইছে। যি সময়ত ভাৰতে মাননীয় প্রধানমন্ত্রী শ্রীযুত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিশ্বগুৰু হিচাপে দায়িত্ব ল'বলৈ আগবাঢ়িছে, যি সময়ত যোৱা ৮ বছৰ ধৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮ ৰাজ্যক অষ্টলক্ষ্মী বুলি গৌৰৱ কৰি আহিছে, সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিশ্ব ক্রীড়া জগতখনত ভাৰতক প্রতিনিধিত্ব কৰা মণিপুৰত কুকি আৰু মেইটেইৰ মাজত সংঘটিত গোষ্ঠী সংঘৰ্ষক ভাৰতৰ দৰে শক্তিশালী ৰাষ্ট্ৰ যন্ত্রই নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগজনকেই নহয়, ই চৰম ধিক্কাৰজনক ও লজ্জানক।
এইক্ষেত্ৰত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি যিহেতু এগৰাকী খিলঞ্জীয়া জনজাতীয় মহিলা, সেয়েহে মহামান্য ৰাষ্ট্রপতি মহোদয়াই পোনপটীয়া হস্তক্ষেপ কৰি মণিপুৰৰ আইন শৃংখলাৰ দায়িত্ব নিজৰ আয়ত্বলৈ আনি মণিপুৰৰ এই বিশ্ব দৰবাৰত ভাৰতক লজ্জানত কৰা জঘণ্য, বৰ্বৰ আৰু অমানৱীয় কাৰ্য বন্ধ কৰা আৰু দোষীক কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ই।
মণিপুৰত সংঘটিত প্ৰায় তিনিমহীয়া গোষ্ঠী সংঘর্ষক ভাৰতৰ প্ৰধানমন্ত্রী মাননীয় শ্রীযুত নৰেন্দ্ৰ মোদীয়ে অবহেলা কৰি মণিপুৰৰ কুকি আৰু মেইটেই মহিলা আৰু শিশুসকলক তিল তিলকৈ মৰিবলৈ এৰি দিয়া কাৰ্যকো তীব্ৰ প্রতিক্রিয়া ব্যক্ত কৰিছে আৰু গৰিহণা জনাইছে। আনফালে এই গোষ্ঠী সংঘৰ্ষ আৰু হত্যাযজ্ঞৰ সময়ত দুশৰো অধিক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গীর্জা ঘৰ জ্বলাই দিয়াৰ দৰে ঘটনা এক ধর্মীয় মেৰুকৰণ আৰু ধৰ্মীয় উন্মাদনা বুলি অভিহিত কৰাৰ লগতে তেনে ধর্মীয় আক্রমণ বন্ধ কৰাৰ বাবে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ ওচৰত দাবী জাইছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ই।
ইটছা ই লগতে অতি শীঘ্ৰে মণিপুৰৰ জনসাধাৰণৰ জীৱন, সম্পত্তি, ধর্মীয় অধিকাৰ, মানৱ অধিকাৰ, মহিলাৰ অধিকাৰ আৰু শিশুৰ অধিকাৰ উলংঘনৰ দৰে ঘটনা বন্ধ কৰাৰ বাবে চলিত সংসদৰ অধিবেশনতেই সৰ্বদলীয় সমিতি গঠন কৰি মণিপুৰ ভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু মণিপুৰত স্থায়ী শাস্তি প্রতিষ্ঠা কৰিবলৈ মহামান্য ৰাষ্ট্ৰপতিক দাবী জনাইছে।