এইবাৰ শিক্ষক, ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেলঃ সাংবাদিকসহ ৩ জনক গ্ৰেপ্তাৰ....

এইবাৰ শিক্ষক, ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেলঃ সাংবাদিকসহ ৩ জনক গ্ৰেপ্তাৰ....
এইবাৰ শিক্ষক, ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেলঃ সাংবাদিকসহ ৩ জনক গ্ৰেপ্তাৰ....

ডিজিটেল সংবাদ হাটশিঙিমাৰীঃ ৰাজ্যত পুনৰ শিক্ষক-ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। এইবাৰ হাটশিঙিমাৰীৰ এখন ব্যক্তিগতখণ্ডৰ জ্ঞান বিকাশ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক আৰু ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হোৱাৰ এক ঘটনা সংঘটিত হৈছে। এই শিক্ষানুষ্ঠানখনৰ ৰাসায়ন বিজ্ঞানৰ শিক্ষক আব্দুল লতিফ আহমেদ আৰু শিক্ষানুষ্ঠানখনৰ এগৰাকী কিশোৰী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হৈছে।

এই ঘটনাৰ সৈতে সাঙুৰ খাইছে এগৰাকী সাংবাদিকৰো নাম। ঘটনা সন্দৰ্ভত আজি হাটশিঙিমাৰী আৰক্ষীয়ে সাংবাদিকসহ মুঠ ৩ জনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক তিনিজনৰ ভিতিৰত আছে এন ডি ২৪ নামৰ চেটেলাইট চেনেলটোৰ হাটশিঙিমাৰীৰ সাংবাদিক আব্দুল্লা শেখ, মুক্তাদুল শেখ আৰু মনু শেখ।

অভিযোগ অনুসৰি এই ৩ জনে মিলি শিক্ষক আৰু কিশোৰী ছাত্ৰীগৰাকীৰ অশ্লীল ফটো ভাইৰেল কৰা কাৰ্যত জড়িত আছিল। সাংবাদিক আব্দুল্লা শেখে অশ্লীল ফটো ভাইৰেল কৰাৰ বাবে সামাজিক মাধ্যমত উৎসাহ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

পকচো আইনৰ গোচৰৰ অধীনত তিনিওজনকে গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী আদালতত হাজিৰ কৰা হয়। আদালতে সাংবাদিকসহ মুক্তাদুলক ধুবুৰী জে'ললৈ প্ৰেৰণ কৰিছে। আনহাতে মনু শেখক আদালতে আৰক্ষীৰ জিম্মাত দিছে।

এতিয়াও পালাতক অৱস্থাত আছে হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ লম্পট শিক্ষক আব্দুল লতিফ আহমেদ। অভিযোগ অনুসৰি শিক্ষক আব্দুল লতিফ আহমেদে ছাত্ৰীক প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছে।

ইতিমধ্যে শিক্ষক জনক জ্ঞান বিকাশ একাডেমীৰ পৰা অব্যাহতি দিয়া হৈছে। কেইবাগৰাকী ছাত্ৰীৰ সৈতে ৰাসায়নিক বিজ্ঞানৰ শিক্ষকজনে এনে অপকৰ্ম কৰা বুলি অভিযোগ উঠিছে।

ইফালে wisdam একাডেমি নামৰ আন এখন ব্যক্তিগত খণ্ডৰ ইংলিছ একাডেমিৰ পৰিচালন সঞ্চালক মহিবুল মণ্ডলৰ বিৰুদ্ধেও আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে।মহিবুল মণ্ডলে সামাজিক মাধ্যমত শিক্ষক-ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল কৰিছিল বুলি অভিযোগ উঠিছে।

এইবাৰ শিক্ষক, ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেলঃ সাংবাদিকসহ ৩ জনক গ্ৰেপ্তাৰ....
অৱশেষত অসম মল্লযুঁজ সন্থাক স্বীকৃতি দিলে ভাৰতীয় মল্লযুঁজ সন্থাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in