ইটানগৰ আৰক্ষী বৃহৎ সাফল্যঃ ৫৩ খন চুৰি দুচকীয়া বাহনসহ উদ্ধাৰ, ৪ জন গ্ৰেপ্তাৰ

ইটানগৰ আৰক্ষী বৃহৎ সাফল্যঃ ৫৩ খন চুৰি দুচকীয়া বাহনসহ উদ্ধাৰ, ৪ জন গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ইটানগৰ আৰক্ষী বৃহৎ সাফল্যঃ ৫৩ খন চুৰি দুচকীয়া বাহনসহ উদ্ধাৰ, ৪ জন গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বেকাজানঃ অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ বৃহৎ সফলতা। বুধবাৰে ইটানগৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে ৫৩ বাইক-স্কুটি । আজি অধীক্ষক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ইটানগৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে প্ৰকাশ কৰে যে তেওঁলোকে বিগত এসপ্তাহজোৰা অভিযানত প্ৰায় ৫৩খন চুৰি দুচকীয়া বাহন উদ্ধাৰ কৰিছে।

Advertisment

আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰে কয় যে ২০১৯ চনৰ পৰা চলি থকা এই অভিযানত অসমৰ গহপুৰ আৰু ইটানগৰ ৰাজধানী আৰক্ষীয়ে এই দুৰ্ধষ চোৰ কেইটাক গ্ৰেপ্তাৰ কৰে। ৰাজধানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰিজন প্ৰধান অভিযুক্তৰ আটাইকেইজন অসমৰ। চোৰ কেইটাই বাইকসমূহ অৰুণাচলৰ পৰা চুৰি কৰি হোলংগী-গহপুৰ-চিম্পু পথেৰে অসমলৈ সৰবৰাহ কৰে আৰু তাৰ পিছত চুৰি বাহন বিভিন্ন গ্ৰাহকক চেকেণ্ড হেণ্ড বাহন হিচাপে বিক্ৰী কৰে ।

ইটানগৰৰ এছডিপিঅ’ কেংগো দিৰ্চিৰ নেতৃত্বত এসপ্তাহজোৰা এই অভিযান চলিছিল। তেওঁলোকে ৪ অভিযুক্তৰ সহায়ত গোটেই ৰেকেটটো উৎখাত কৰা লগতে ৫৩ খন দুচকীয়া বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Also Read: মোডীলৈ ছোনিয়াৰ চিঠি...