মোডীলৈ ছোনিয়াৰ চিঠি...

মোডীলৈ ছোনিয়াৰ চিঠি...

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ আছে দেশৰ ৰাজনৈতিক পৰিস্থিতি। বিৰোধী মৰ্চা ইণ্ডিয়া আৰু শাসনাধীন বিজেপিৰ মাজত অব্যাহত আছে বাক-বিতণ্ডা।সদনৰ অধিবেশনতো বিৰোধী-শাসকীয়ৰ মাজত তীব্ৰ তৰ্ক দেখা যায়। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল সদনৰ বিশেষ অধিৱেশনৰ কথা।

এইবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ এখন বিশেষ পত্ৰ। প্রধানমন্ত্রী নৰেন্দ্র মোডীলৈ পত্র প্ৰেৰণ কৰিছে ছোনিয়া গান্ধীয়ে। সংসদৰ বিশেষ অধিৱেশন সন্দৰ্ভত এই পত্র প্রেৰণ কৰিছে গান্ধীয়ে।

৯টা বিষয়ত আলোচনাৰ দাবী উত্থাপন কৰি প্রধানমন্ত্রীক প্রশ্ন কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। বিৰোধী দলৰ সৈতে আলোচনা নকৰাকৈ অধিৱেশন আহ্বানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছোনিয়া গান্ধীয়ে।

ছোনিয়া গান্ধীয়ে বিশেষ অধিৱেশনৰ সময়ত ৯ টা বিষয় আলোচনা কৰাৰ দাবী কৰিছে। বিষয় সমূহ-

১) অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য আৰু সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতি, বৰ্ধিত নিবনুৱা, বৰ্ধিত বৈষম্য, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সংকটৰ বিষয়ে আলোচনা ।

২) ন্যুনতম সমৰ্থন মূল্য় আৰু কৃষকৰ বিভিন্ন দাবীৰ ওপৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত আলোচনা।

৩) আদানি ব্যৱসায় গোট সম্পৰ্কীয় সকলো ঘটনা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সংসদীয় সমিতি (জেপিচি) গঠনৰ দাবী।

৪) মণিপুৰত সাংবিধানিক ব্যৱস্থাৰ অফলতা আৰু ৰাজ্যখনৰ জনতাই সন্মুখীন হোৱা সমস্যাৰ ওপৰত আলোচনা।

৫) হাৰিয়ানাৰ লগতে অন্য ৰাজ্যত বৃদ্ধি পোৱা সাম্প্ৰদায়িতক কাৰ্যকালাপৰ ওপৰত আলোচনা।

৬) লাডাখ আৰু অৰুণাচল প্ৰদেশৰ সীমাত আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি চীনৰ নিৰন্তৰ প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা ।

৭) জাতিগত লোকপিয়লৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা।

৮) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বেয়া হোৱা সম্পৰ্কৰ ওপৰত আলোচনা।

৯) কিছুমান ৰাজ্যত বান পানী আৰু খৰাঙৰ ফলত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ বিষয়ে আলোচনা

ছোনিয়া গান্ধীয়ে লিখিছে যে তেওঁ আশা কৰিছে উপৰোক্ত বিষয় সমূহৰ ওপৰত আলোচনা কৰিবলৈ চৰকাৰে সময় আৱন্টন কৰিব। উল্লেখ্য যে, ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেম্পেম্বৰলৈ নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব সদনৰ বিশেষ অধিৱেশন।

মোডীলৈ ছোনিয়াৰ চিঠি...
কেনে আছে কাজিৰঙাৰ মাতৃহাৰা কৃষ্ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in