Advertisment

কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলে মণিপুৰত এনে ঘটনা নহ'লহেতেন: ইৰম শৰ্মিলা

সেনাৰ অত্যাচাৰৰ বিৰোধিতা কৰি ১৬ বছৰলৈ খাদ্য গ্ৰহণ নকৰা মণিপুৰৰ মানৱ অধিকাৰ কৰ্মী ইৰম শৰ্মিলাই ৰাজ্যখনৰ ভয়ংকৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলে মণিপুৰত এনে ঘটনা নহ'লহেতেন: ইৰম  শৰ্মিলা

ডিজিটেল ডেস্কঃ সেনাৰ অত্যাচাৰৰ বিৰোধিতা কৰি ১৬ বছৰলৈ খাদ্য গ্ৰহণ নকৰা মণিপুৰৰ মানৱ অধিকাৰ কৰ্মী ইৰম শৰ্মিলাই ৰাজ্যখনৰ ভয়ংকৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মণিপুৰৰ দুই মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰা ঘটনাৰ ওপৰত তেওঁ দুখ ব্যক্ত কৰে।

Advertisment

তেওঁ কয় যে ভয়ংকৰ ঘটনাটোৰ অপৰাধীসকলক পেৰোল অবিহনে আজীৱন কাৰাদণ্ড দিয়া উচিত। ইৰম শৰ্মিলাই কৈছিল যে মণিপুৰত যি ঘটি আছে তাৰ বাবে তেওঁ দুঃখিত । এই ঘটনাক অমানৱীয় আখ্যা তেওঁৰ। লগতে কয় যে, কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলে এনে ঘটনা নহ'লহেতেন।

উল্লেখ্য যে, ৪ মে' ত মণিপুৰত সংঘটিত হৈছিল এখ জঘন্য কাণ্ড। ঘটনাৰ কেইবাদিনো পাছত ১৯ জুলাইত ভাইৰেল হৈছিল এই ঘটনাৰ ভিডিঅ। লগে লগে দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইতিমধ্য়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে ৪ যুৱক।

Also Read: ৫ কোটি টকাৰ হেৰ'ইনসহ ৩ জন আটক

manipur