/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/cfe7485d-eca5-43e7-898b-013b622110dc/bvg.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ শুকুৰবাৰে চহৰখনৰ মাজমজিয়াৰ পৰা উদ্ধাৰ হৈছে প্ৰায় পাঁচ কোটি টকাৰ হেৰ’ইন ৷ আৰক্ষীয়ে কৰায়ত্ব কৰিছে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৷ কৰায়ত্ব কৰা সৰবৰাহকাৰী কেইজনৰ নাম হৈছে ডবকাৰ নিজামউদ্দিন , ধিঙৰ চাদ্দাম হুছেইন আৰু মৰিগাঁৱৰ চানু শ্বেখ ৷
এই তিনিজনীয়া দলটোয়ে ৬০ টা চাবোনৰ বাকচত এই বৃহৎ সংখ্যক হেৰ’ইন লৈ নগাঁও চহৰত প্ৰবেশ কৰিছিল ৷ ডিমাপুৰৰ পৰা দলটোয়ে ৰেলেৰে ড্ৰাগছখিনি সৰবৰাহ কৰি নগাঁও চহৰৰ খ্ৰীষ্টানপট্টিত উপস্থিত হোৱাৰ পিছতে নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই হেৰ’ইন সহ তিনিজনীয়া দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷
Also Read: ‘মগজু খোৱা এমিবা’ৰ সংক্ৰমণত শিশুৰ মৃত্যু, ৭ দিন ধৰি যুঁজ দিছিল এই বেমাৰৰ সৈতে