আৰোপ কৰা হ’ল ১৪৪ ধাৰা ! বন্ধ কৰি দিলে ইন্টাৰনেট সেৱা…

আৰোপ কৰা হ’ল ১৪৪ ধাৰা ! বন্ধ কৰি দিলে ইন্টাৰনেট সেৱা…

author-image
asomiyapratidin
New Update
আৰোপ কৰা হ’ল ১৪৪ ধাৰা ! বন্ধ কৰি দিলে ইন্টাৰনেট সেৱা…

ডিজিটেল ডেস্ক :  হঠাৎ অশান্ত হৈ উঠিল মণিপুৰ, বৃদ্ধি পালে প্ৰতিবাদ। যাৰ বাবে মণিপুৰৰ গৃহ বিভাগৰ বিশেষ সচিব এইছ  জ্ঞান প্ৰকাশৰ নিৰ্দেশত যোৱা ৬ আগষ্ট, শনিবাৰে পাঁচদিনৰ বাবে বিচ্ছিন্ন কৰা হ'ল মণিপুৰৰ ইন্টাৰনেট সেৱা। তৎকালীনভাৱে আৰোপ কৰিলে ১৪৪ ধাৰা।

Advertisment

প্ৰতিবেদন অনুসৰি, মণিপুৰৰ পাহাৰীয়া জিলাসমূহক স্বায়ত্তশাসিত জিলাৰূপে ঘোষণা কৰিবলৈ সদৌ মণিপুৰ জনজাতীয় ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। এই প্ৰতিবাদৰ মাজতেই ৰাজ্যখনত অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছিল সদৌ মণিপুৰ জনজাতীয় ছাত্ৰ সন্থাই। ইয়াৰ ফলস্বৰুপেই ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু যান-বাহনৰ চলাচল ব্যাহত হয়।

শণিবাৰেই নিশা মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ অন্তৰ্গত ফৌগাকচো খাঙত তিনি-চাৰিজন ব্যক্তিৰ এটা দলে ব্যক্তিগত বাহন এখনত অগ্নি সংযোগ কৰাৰ ফলত পৰিস্থিতি অধিক অৱনতি হয়। ইন্টাৰনেটৰ জৰিয়তে সমাজ-বিদ্বেষী কিছু ব্যক্তিয়ে এই প্ৰতিবাদৰ আঁৰত এনে হিংসাত্মক কাৰ্য-কলাপ সংঘটিত কৰি আহিছে বুলি মন্তব্য কৰে মণিপুৰৰ গৃহ বিভাগে। যাৰ বাবে ইন্টাৰনেট সেৱা ব্যাহত কৰিবলৈ বাধ্য হয় ৰাজ্যখনৰ চৰকাৰে ।

এই প্ৰতিবাদ সন্দৰ্ভত সদৌ মণিপুৰ জনজাতীয় ছাত্ৰ সন্থাই দিয়া মন্তব্য অনুসৰি, মণিপু্ৰ স্বায়ত্তশাসিত জিলা পৰিষদ বিল, ২০২১ ক সদনত উত্থাপন কৰিবলৈ এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল । উল্লেখ্য যে, এতিয়ালৈ মুঠ ৩০ জন ছাত্ৰনেতা এই প্ৰতিবাদৰ বাবে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও ৰাজ্যখনৰ আৰক্ষীয়ে হিংসাত্মক কাৰ্য-কলাপত জড়িত থকাৰ অভিযোগত ৫ জন ছাত্ৰনেতাক গ্ৰেপ্তাৰ কৰিছে।

আৰু পঢ়ক : মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বসন্ত নেওগ গায়নৰ বিয়োগ…

protest manipur