মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বসন্ত নেওগ গায়নৰ বিয়োগ…

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বসন্ত নেওগ গায়নৰ বিয়োগ…

প্ৰতিদিন ডিজিটেল সংবাদ, মাজুলী : মাজুলী ঐতিহাসিক শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বসন্ত নেওগ গায়নৰ(৫৬) আকস্মিক বিয়োগ। বসন্ত নেওগ গায়ন এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক, বিশিষ্ট শিল্পী আছিল। ভাৰতবৰ্ষৰ দিল্লী, মুম্বাই, হাইদৰাবাদ, তামিলনাডু, কেৰালা, লক্ষ্ণৌ, কলিকতা, পঞ্জাৱ আদি স্থানত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছিল।

২০১৬ চনত সুদূৰ ইংলেণ্ডৰ ব্ৰিটিছ মিউজিয়ামত সত্ৰীয়া সংস্কৃতি পৰিবেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল বসন্ত নেওগ গায়নে। উদাসীন জীৱন অতিবাহিত কৰা বসন্ত নেওগ গায়ন একেধাৰে এজন সুদক্ষ অভিনেতা, গায়ন, ওজাপালি শিল্পী, নামলগোৱা আছিল। সত্ৰীয়া সংস্কৃতিৰ সাধক, সাংস্কৃতিক সংগঠক, সমাজকৰ্মী, আত্মনিৰ্ভৰশীল এগৰাকী উদাসীন বৈষ্ণৱ আছিল।

উত্তৰ কমলাবাৰীৰ সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ ১৭ বছৰ সম্পাদক, ৬ বছৰ সভাপতি হিচাপে নিষ্ঠা-সততাৰে নিস্বাৰ্থ সেৱা আগবঢ়াইছিল তেওঁ। বৰ্তমান কৃষ্টি সংঘৰ সন্মানীয় উপদেষ্টা হিচাপে দিহা-পৰামৰ্শ আগবঢ়াই সত্ৰখনিৰ সৰ্বদিশতে উত্তৰণৰ বাবে নিজকে উৎসা যোগাইছিল। তেৰাৰ পৰলোক সত্ৰখনৰ এয়া অপুৰণীয় ক্ষতি। তেওঁ বিদেহ আত্মাৰ সদগতি কামনা কৰি সত্ৰৰ সত্ৰাধিকাৰ, সমূহ ভকত বৈষ্ণৱে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in