/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/932830bb-0d5c-407b-84c0-f32d02442cee/manipur_incident.jpg)
ডিজিটেল ডেস্কঃ মণিপুৰ কাণ্ডৰ কেতবোৰ ভুৱা তথ্য তথা অপপ্ৰচাৰৰ ৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই লৈছে বিশেষ ব্যৱস্থা। 'উৰা বাতৰি মুক্ত মণিপুৰ'ৰ উদ্দেশ্য সন্মুখত ৰাখি বিভিন্ন ভুৱা তথ্য আৰু অপপ্ৰচাৰৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে চৰকাৰৰ পৃষ্ঠপোষকতাত বিভাগীয় কৰ্তৃপক্ষই লৈছে বিশেষ পদক্ষেপ।
ৰাজ্যখনৰ জনসাধাৰণৰ বাবে প্ৰশাসনে মুকলি কৰিছে বিশেষ যোগাযোগ নম্বৰ। ৰাজ্যখনৰ নৱ নিযুক্ত নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে উল্লেখ কৰে যে, 'উৰা বাতৰি মুক্ত মণিপুৰ'ৰ লক্ষ্য আৰু উদ্দেশ্যৰে সাধাৰণ জনতাই যাতে উৰা বাতৰি আৰু ভুৱা তথ্যৰ বিৰুদ্ধে যুঁজ দিব পাৰে তাৰ বাবে ৯৪৮৫২৮০৪৬১ ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে। কোনো লোকে ভুৱা তথ্যৰ সম্ভেদ লাভ কৰিলে উক্ত ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায়।
উল্লেখ্য যে ৰাজ্যখনৰ হিংসাত্মক কাৰ্যকলাপৰ উৰাবাতৰি আৰু অপপ্ৰচাৰ ৰোধ কৰিবলৈ প্ৰশাসনে ইণ্টাৰনেট সেৱাৰ ওপৰত জাৰি কৰিছিল নিষেধাজ্ঞা। মঙলবাৰে এক বিজ্ঞপ্তিযোগে কৰ্তৃপক্ষই অনাগত ৫দিনৰ বাবে পুনৰ ইণ্টাৰনেট সেৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। অৰ্থাৎ অহা ২০ মে'লৈকে ৰাজ্যখনত বন্ধ থাকিব ইণ্টাৰনেট সেৱা।
Also Read: জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য ! চি আই ডিক তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us