জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য ! চি আই ডিক তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ চি আই ডিক দায়িত্ব অৰ্পণ কৰে
জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য ! চি আই ডিক তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

ডিজিটেল ডেস্কঃ মৰিকলং টাউন আৰক্ষী চকীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চি আই ডিক তদন্তৰ নিৰ্দেশ। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মঙলবাৰে আবেলি এক টুইটযোগে এই কথা উল্লেখ কৰে।

মঙলবাৰে পুৱতি নিশা জখলাবন্ধাত এক শোকৱহ পথ দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হৈছিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। পুৱতি নিশা প্ৰায় ২ বজাত ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ ট্ৰাকখনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটি সংঘটিত হৈছিল।

উল্লেখ্য যে আৰক্ষী বিষয়া প্ৰয়াত ৰাভাই চলোৱা বাহনখনৰ পঞ্জীয়ন নম্বৰ আছিল এ এছ ০১ ই এন ৭২৭৩। শোকাৱহ পথ দুৰ্ঘটনাৰ ফলত অকাল মৃত্যুক আকোৱালি লোৱা জোনমণি ৰাভাৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যতে খলকনি সৃষ্টি কৰে। আৰক্ষী বিষয়াগৰাকীৰ এনে মৃত্যু সহজভাৱে ল'ব পৰা নাই মাতৃ তথা পৰিয়ালৰলোকে।

আৰক্ষী কন্যা জোনমণিৰ নিথৰ দেহৰ সন্মুখত হুকহুকাই কান্দি মাতৃয়ে এয়া এক পৰিকল্পিত হত্যকাণ্ড বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে। তেনে পৰিপ্ৰেক্ষিতত আজি আবেলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ চি আই ডিক দায়িত্ব অৰ্পণ কৰে।

জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰহস্য ! চি আই ডিক তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ
জোনমণি ৰাভাৰ আকস্মিক মৃত্যু, শেষ হ'ল এটি সম্ভাৱনাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in