৪ মাহৰ মূৰত মণিপুৰত মুকলি ইণ্টাৰনেট সেৱা...

৪ মাহৰ মূৰত মণিপুৰত মুকলি ইণ্টাৰনেট সেৱা...

author-image
Asomiya Pratidin
New Update
ব্ৰিটিছ সাংসদ হাউছ অৱ কমনছত মণিপুৰ বিষয় উত্থাপন...

৪ মাহৰ মূৰত মণিপুৰত মুকলি ইণ্টাৰনেট সেৱা...

ডিজিটেল ডেস্কঃ অৱশেষত মণিপুৰত মুকলি হ'ল ইণ্টাৰনেট সেৱা। মেইটেই আৰু কুকিসকলৰ মাজত ৩ মে'ৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে ৰাজ্যখনত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। সুদীৰ্ঘ দিনৰ অন্তত অৱশেষত মণিপুৰবাসীয়ে পালে ইণ্টাৰনেটৰ সংযোগ।

Advertisment

উল্লেখ্য যে, কুকি আৰু মেইটেইসকলৰ মাজত সৃষ্টি হোৱা হিংসাত্মক ঘটনা বৃদ্ধি নহ'বলৈ ৰাজ্যখনত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। তাৰ পাছতো সুদীৰ্ঘ ৪ মাহ ধৰি মণিপুৰত হিংসাত্মক ঘটনা হ্ৰাস হোৱাৰ নাম লোৱা নাই।

এতিয়াও ৰাজ্যখনত অব্যাহত আছে সৰু-বৰ হিংসাত্মক ঘটনা। এতিয়াও হত্যাৰ সন্মুখনী হৈয়ে আছে সাধাৰণ নাগৰিকৰ লগতে আৰক্ষীৰ লোক। ইফালে অতি শেহতীয়াকৈ ইম্ফলত ৫ গৰাকী যুৱকক আৰক্ষীয়ে শসস্ত্ৰ সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল।

কিন্তু স্থানীয় মেইটেই মহিলাসকলৰ লগত ৬ টাকৈ মেইটেই সংগঠনে দাবী কৰিছে এই ৫ গৰাকী যুৱক সশস্ত্ৰ সংগঠনৰ সৈতে জড়িত নহয়। তেওঁলোক স্বেচ্ছাসেৱীহে। সেয়ে তেওঁলোকৰ মুক্তিৰ দাবীত বিগত বুধবাৰৰ পৰাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

এই বিক্ষোভ কাৰ্যসূচীৰ মাজতেই ইম্ফল বন্ধ ঘোষণা কৰাৰ লগতে আৰক্ষী থানাও আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিৰ মাজতে ৰাজ্যখনত ইণ্টাৰনেট মুকলি কৰি দিয়া হৈছে।

ইফালে ৰাাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ পাছতে বিগত সময়ছোৱাত সংঘটিত হোৱা বহু হিংসাত্মক ঘটনা পোহৰলৈ অহাৰো আশংকা কৰা হৈছে।

Also Read: 'দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূবে পাবলগীয়া গুৰুত্ব পোৱা নাই'

মণিপুৰ