'দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূবে পাবলগীয়া গুৰুত্ব পোৱা নাই'

'দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূৱে পাবলগীয়া গুৰুত্ব  পোৱা নাই'
'দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূৱে পাবলগীয়া গুৰুত্ব পোৱা নাই'

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ অশোক হোটেলত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'। দেশৰ বিত্ত আৰু কৰ্পোৰেট এফায়াৰছ মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভাৰম্ভ কৰা এই কনক্লেভত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সমাজ, ক্ৰীড়া আদি ক্ষেত্ৰৰ উপৰিও গোলকীয়া জলবায়ু পৰিৱৰ্তন, মহিলা আৰু শিশুৰ অধিকাৰ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিষয়বোৰ আলোচনা কৰা হ'ব।

এই আলোচনাত দেশৰ কেইবাটাও মুখ্য ৰাজনৈতিক দলৰ নেতাৰ লগতে উদ্যোগপতি, ছবি উদ্যোগৰ সৈতে জড়িত পৰিচালক, প্ৰযোজক, শিল্পী, পৰিৱেশবিদ, ক্ৰীড়াবিদ, শিক্ষাবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু কেইজন সমল ব্যক্তি উপস্থিত থাকিব। দিনৰ ১১ বজাত নিৰ্মলা সীতাৰমণে আনুষ্ঠানিক ভাৱে 'দ্যা কনক্লেভ-২০২৩' আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি 'সাদিন-প্ৰতিদিন গোষ্ঠী'য়ে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদাক বজাই ৰখাৰ বাবে শলাগ লয়।

তেওঁ নিজৰ ভাষণত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি, আঁচনি আদিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰীয়ে কেৱল লোক ইষ্ট পলিচিৰ জৰিয়তে কেৱল উত্তৰ পূৰ্বাঞ্চললৈ চোৱাই নহয়, ভাৰত চৰকাৰৰ নীতি পূৰ্বাঞ্চলত কাম কৰাও আছিল।

তেওঁ ভাষণত কয়, যোৱা ৯ টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৬০ বাৰকৈ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ইয়াৰোপৰি কেবিনেট মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী আদিৰ ভ্ৰমণক একত্ৰিত কৰিলে তেওঁলোকে মুঠ ৪০০ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। তেওঁ কয়, এই ভ্ৰমণ উত্তৰ পূৰ্বাঞ্চলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নহয়, বৰঞ্চ এই ভ্ৰমণ অঞ্চলটোক কেন্দ্ৰই গুৰুত্ব দিয়া কাৰ্যক নিশ্চিত কৰিবলৈহে কৰা হৈছে।

তেওঁ নিজৰ ভাষণত দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলে পূৰ্বে পাবলগীয়া গুৰুত্ব কেতিয়াও পোৱা নাছিল বুলি উল্লেখ কৰিছে। দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূৰবাঞ্চলৰ অসাধৰাণ প্ৰাকৃতিক সম্পদ, কৌশলগত সুবিধা আৰু অতুলনীয় অৰ্থনৈতিক সম্ভাৱনা থকা স্বত্বেও উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যই কেতিয়াও তেওঁলোকৰ প্ৰাপ্য মনযোগ লাভ কৰা নাছিল বুলি উল্লেখ কৰে।

নিজৰ ভাষণত তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সংকল্প আৰু সিদ্ধি, উত্তৰ পূৰ্বাঞ্চলৰ বাবে ঘোষিত বাজেট, অৰ্থনৈতিক সাহায্য, বিভিন্ন আঁচনি, আঞ্চলিক গ্ৰাম্য বেংক, আন্তঃগাঁথনি, উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নৰ পদক্ষেপ, বিমান সেৱা, ৰে’লৱে, স্থল পথ, জলপথ, সামাজিক আৰু কৃষি ক্ষেত্ৰত লোৱা পদক্ষেপ আদি দিশসমূহৰ বিষয়ে উল্লেখ কৰে।  

উদ্বোধনী অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱাই উদ্বোধনী ভাষণ আগবঢ়ায়। তেওঁ কয়- 'দ্যা কনক্লেভ-২০২২' সফলতাৰে সমাপ্ত হোৱাৰ পাছত জনসাধাৰণৰ সেৱাৰ লক্ষ্যৰে আমাক পুনৰ এই পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিলে।

অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিতি থকাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক তেওঁ ধন্যবাদ জ্ঞাপন কৰি কয়- বিশ্ব অৰ্থনীতিয়ে যি সময়ত অনিশ্চিত পৰিস্থিতিৰ সন্মুখীন হৈছে সেই সময়ত আমাৰ দেশত ইতিবাচক পৰিৱৰ্তন আহিছে। আপোনাৰ দৃষ্টিভংগী আৰু নেতৃত্বই দেশৰ অৰ্থনীতিক বিশ্বৰ দ্ৰুততম উন্নয়নশীল অৰ্থনীতি হিচাপে গঢ় দিয়াত সফল হৈছে।

তেওঁ কয়, দ্যা কনক্লেভ এনে এখন মঞ্চ য'ত বিভিন্ন চিন্তাধাৰাৰা নেতাসকল একত্ৰিত হৈ আলোচনাত লিপ্ত হয়; যি আলোচনাই আমাৰ অঞ্চলৰ লগতে ৰাষ্ট্ৰৰ ভৱিষ্যত গঢ় দিয়াৰ সম্ভাৱনা আছে। 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে নিজৰ দায়িত্ব অতি গুৰুত্বসহকাৰে পালন কৰাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয়, আমি বিশ্বাস কৰোঁ যে সংবাদ মাধ্যমৰ ভূমিকা কেৱল বাতৰি পৰিৱেশন কৰাই নহয় সমাজত ইতিবাচক পৰিৱৰ্তনৰ বাৰ্তা বহন কৰাও সংবাদ মাধ্যমৰ অন্যতম ভূমিকা।

আমি দেশ আৰু বিশ্বই সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ সমস্যাবোৰৰ ওপৰত আমাৰ মঞ্চত আলোচনা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই সমস্যাবোৰ সমস্যাবোৰৰ সমাধান কৰিব বিচাৰো। আমি অতি দৃঢ়তাৰে বিশ্বাস কৰো যে, সংবাদ মাধ্যমৰ শক্তি কেৱল বাতৰি দিয়াতেই সীমাবদ্ধ নহয়। এই শক্তিৰ জৰিয়তে মানুহক অনুপ্ৰাণিত কৰা আৰু পৰিৱৰ্তন অনাৰো সমৰ্থন আছে।

লগতে তেওঁ কয়, 'দ্যা কনক্লভে-২০২৩' এনে এখন মঞ্চ য'ত আমি অৰ্থনীতিৰ পুনৰুদ্ধাৰ, বহনক্ষম উন্নয়ন, স্বাস্থ্যসেৱা, শিক্ষা, ক্ৰীড়া আদিৰ দৰে বিষয়বোৰৰ বিষয়ে আলোচনা কৰিম। এই বিষয়বোৰৰ ওৰৰত চিন্তাশীল আলোচনা কৰাৰ লগতে উদ্ভাৱনী সমাধান বিচাৰি আৰু এই বিষয়বোৰত অংশীদাৰিত্ব গঢ়ি তুলি ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ চেষ্টা কৰা হ'ব।

ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা 'দ্যা কনক্লেভ-২০২৩' উদ্বোধনী অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত বন্তী প্ৰজ্বলন কৰা হয়। বন্তী প্ৰজ্বলন কৰে উদ্বোধক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। ইয়াৰ পাছতে অধ্যক্ষ বৰুৱাই বিত্তমন্ত্ৰীগৰাকীক আদৰণি জনায়। জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁতধৰা এই উদ্বোধনী অনুষ্ঠানতে 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ সুদীৰ্ঘ যাত্ৰাৰ এক চমু আভাষ দৃশ্য শ্ৰাব্য মাধ্যমেৰে তুলি ধৰাৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ শৈক্ষিক আৰু ৰাজনৈতিক জীৱনৰ যাত্ৰাক দৃশ্য শ্ৰাব্য মাধ্যমেৰে তুলন ধৰা হয়।

উল্লেখ্যে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত ২০২২ চনত প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ গোষ্ঠী হিচাপে 'সাদিন-প্ৰতিদিন গোষ্ঠী'য়ে অনুষ্ঠিত কৰিছিল 'দ্যা কনক্লেভ-২০২২'। সেইবাৰ ৰাষ্ট্ৰীয় ৰাজধানীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, পৰ্যটন, ড্ৰাগছ, সন্ত্ৰাসবাদ আদিৰ দৰে সমস্যাৰাজিৰ বিষয়ে বিশেষজ্ঞ সমল ব্যক্তিৰ জৰিয়তে বস্তুনিষ্ঠভাৱে আলোচনা কৰাৰ লগতে এই সমস্য়াৰাজিৰ পৰা পৰিত্ৰাণৰ পথৰ সন্ধান কৰা হৈছিল।

দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে শুভ উদ্বোধন কৰা 'দ্যা কনক্লেভ-২০২২'ৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো ডালমিয়া চিমেণ্টৰ সহযোগত অনুষ্ঠিত কৰা হৈছে 'দ্যা কনক্লেভ ২০২৩'। 'দ্যা কনক্লেভ-২০২৩' ৰ প্ৰথম দিনটোত অনুষ্ঠিত হ'ব কেইবাটাও বিষয়ৰ ওপৰত বস্তুনিষ্ঠ আলোচনা। ইয়াৰোপৰি থাকিব বিশিষ্ট ব্যক্তিৰ সৈতে একক আলোচনা।

সেই অনুসৰি উদ্বোধনী অনুষ্ঠানৰ পাছতে দিনৰ ১২-১৫ বজাত বিজেপি সাংসদ তেজস্বী সূৰ্যৰ সৈতে সাক্ষাৎকাৰ, বিয়লি ৩-১৫ বজাত 'জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন' শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা। এই আলোচনাত অংশগ্ৰহণ কৰিব অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েং, আৰ্থফুল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা পৰিৱেশ কৰ্মী শ্বেতা মহন্ত, বন্যপ্ৰাণী জীৱবিজ্ঞানী পূৰ্নিমা দেৱী বৰ্মন আৰু পৰিৱেশ বিজ্ঞানৰ গৱেষণা সহযোগী অধ্যাপক শান্তনু গোস্বামীয়ে।

ইয়াৰ পিছতে বিয়লি ৩-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব বলিউডত প্ৰতিষ্ঠিত অসমৰ সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ সৈতে একক সাক্ষাৎকাৰ। এই অনুষ্ঠানৰ পাছতে অনুষ্ঠিত হ'ব 'আঞ্চলিক মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যত' শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা।

এই আলোচনাত অংশগ্ৰহণ কৰিব অভিনেত্ৰী সীমা বিশ্বাস, চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই। ইয়াৰ পিছতে অনুষ্ঠিত হ'ব বলিউডৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ ইমটিয়াজ আলিৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠান।

'দক্ষিণ পূৱ এছিয়াৰ মুখ্য দুৱাৰ হিচাপে উত্তৰ পূৱে পাবলগীয়া গুৰুত্ব  পোৱা নাই'
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভ উদ্বোধন কৰিলে 'কনক্লেভ-২০২৩' ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in