উত্তৰ পূবৰ পৰ্যটনক নতুন মাত্ৰাঃ ভাৰতীয় ৰে'লৱেৰ 'ভাৰত গৌৰৱ ৰে'ল', EMI ৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ধন...

উত্তৰ পূবৰ পৰ্যটনক নতুন মাত্ৰাঃ ভাৰতীয় ৰে'লৱেৰ 'ভাৰত গৌৰৱ ৰে'ল', EMI ৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ধন...
উত্তৰ পূবৰ পৰ্যটনক নতুন মাত্ৰাঃ ভাৰতীয় ৰে'লৱেৰ 'ভাৰত গৌৰৱ ৰে'ল', EMI ৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ধন...

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰত নতুন সংযোজন। ভাৰতীয় ৰে'লৱেৰ এখন বিশেষ ৰে'লে উত্তৰ পূবক দিব নতুন মাত্ৰা। ২১ মাৰ্চৰ পৰা দিল্লীৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ চলিব এই বিশেষ ৰে'লখন।

ভাৰত গৌৰৱ ৰে'ল হিচাপে নামাকৰণ কৰা এই বিশেষ ৰে'লখন হ'ব ডিলাক্স এচি পৰ্যটক ৰে'ল। ৰে'লখনৰ জৰিয়তে ১৫ দিনৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব।

এই ১৫ দিনীয়া ভ্ৰমণৰ সময়ত ৰে'ল ভ্ৰমণৰ উপৰিও হোটেলত থকাৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ৰে'লৱেই ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ট্ৰেইনৰ দ্বাৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি ল'বলৈ বিশেষ ভাৱে ডিজাইন কৰিছে এই ট্ৰেইনখনক।

এই ট্ৰেইনখন পৰিচালনাৰ বাবে ভাৰতীয় ৰে'লৱেই নৰ্থ ইষ্ট ডিস্কভাৰী বিয়ণ্ড গুৱাহাটী পেকেজৰ ব্যৱস্থা কৰিছে। এই ৰে'লখনৰ যাত্ৰা ২১ মাৰ্চত দিল্লীৰ চফদৰজং ৰে'ল ষ্টেচনৰ পৰা আৰম্ভ হ'ব।

১৪ টা নিশা আৰু ১৫ দিনীয়া এই যাত্ৰা কালত ৰে'লখনে অসমৰ গুৱাহাটী, শিৱসাগৰ, যোৰহাট-কাজিৰঙা আদিৰ পৰ্যটন ক্ষেত্ৰক সামৰি লোৱাৰ উপৰিও ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা, উদয়পুৰ আদি ঠাইক সামৰি ল'ব।

নাগালেণ্ডৰ ডিমাপুৰ, কোহিমা, মেঘালয়ৰ শ্বিলং, চেৰাপুঞ্জী আদি ঠাইক সামৰি ল'ব। এই সমগ্ৰ ৰে'ল যাত্ৰাৰ পৰ্যটকসকলে ৫৮০০ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰিব।

বিশেষভাৱে নিৰ্মাণ কৰা এই ৰে'লখনত ২ টা ডাঙৰ ডাইনিং ৰেষ্টুৰেণ্ট, পাকঘৰ, চেঞ্চৰ আধাৰিত ৱাছৰুম, ফুট মাচাজ, মিনি লাইব্ৰেৰী আদিৰ দৰে সুবিধা উপলব্ধ হ'ব। ৰে'লখনত প্ৰতিটো ডবাৰ বাবে চিচি টিভি কেমেৰা, ইলেক্ট্ৰনিক ভল্ট আৰু নিৰাপত্তাৰক্ষীৰ সুবিধাও আছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই ৰে'লখনৰ জড়িতে ভ্ৰমণ কৰিবলৈ পৰ্যটকসকলে ধনৰ কথা বেছি চিন্তা কৰিব নালাগে। এবাৰতে সকলো ধন আদায় দিব নালাগে।

পৰ্যটকে লাভ কৰিব ই এম আইৰ সুবিধা। ইয়াৰ বাবে ভাৰতীয় ৰে'লৱেই পেটিএম, ৰেজৰপে আদিৰ দ্বাৰা ই এম আই পৰিশোধ কৰাৰ ব্যৱস্থা কৰিছে। এই বিষয়ে অধিক জানিবলৈ irctctourism.com ৱেবছাইট চাব পাৰে।

১৫ দিনীয়া এই ভ্ৰমণৰ বাবে যাত্ৰাৰ এজন যাত্ৰীয়ে ১ লাখ ৬ হাজাৰ ৯৯০ টকাৰ পৰা পেকেজ ল'ব পাৰিব। এচি ২টায়াৰৰ বাবে প্ৰতিজন যাত্ৰীয়ে ১ লাখ ৬ হাজাৰ ৯৯০ টকা পৰিশোধ কৰাৰ লগতে এচি ১ টায়াৰ (কেবিন)ৰ বাবে প্ৰতিজন ব্যক্তিয়ে ১ লাখ ৩১ হাজাৰ ৯৯০ টকা পৰিশোধ কৰিব লাগিব।

আনহাতে এচি ১ (দম্পতি)ৰ বাবে প্ৰতিজনে ১ লাখ ৪৯ হাজাৰ ২৯০ টকা পৰিশোধ কৰিব লাগিব। অৱশ্যে এই পেকেজত ৰেলৰ ভাড়া, এ চি হোটেলত নিশা কটোৱা, খাদ্য, পানীয় সকলোৰে সুবিধা পাব।

উত্তৰ পূবৰ পৰ্যটনক নতুন মাত্ৰাঃ ভাৰতীয় ৰে'লৱেৰ 'ভাৰত গৌৰৱ ৰে'ল', EMI ৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ধন...
সেনা ছাউনীত মেচিনত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in