সেনা ছাউনীত মেচিনত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু...

সেনা ছাউনীত মেচিনত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু...
সেনা ছাউনীত মেচিনত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু...

ডিজিটেল ডেস্কঃ পুনৰ এক কৰুণ ঘটনা সংঘটিত হ'ল চাবুৱাত। এদৰাকী শ্ৰমিক কৰ্মৰত অৱস্থাতে মেচিনত সোমাই হেৰুৱালে প্ৰাণ। চাবুৱা সেনা ছাউনীত সংঘটিত হৈছে এই কৰুণ ঘটনা।

চাবুৱাৰ বালিজান পানী এৰা গাঁৱৰ প্ৰণৱ দত্ত নামৰ শ্ৰমিকজনে আজি এটা কোঠাত কৰ্মৰত হৈ থকাৰ সময়তে আন এটা কোঠাৰ পৰা মেচিন চলাই দিয়াৰ বাবেই তেওঁ মেচিনত সোমাই যায়। ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰণৱ।

যাৰ ফলত তেওঁ পৰৱৰ্তী সময়ত কৰুণ মৃত্যুক সাৱটি লয়। উল্লেখ্য যে চাবুৱা সেনা ছাউনীত কেইবাটাও নিৰ্মাণকাৰী সংস্থাই বিভিন্ন নিৰ্মাণ কাৰ্য চলাই আছে। তাৰে এটা নিৰ্মাকাৰী সংস্থা লোমা ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ হৈ কাম কৰি আছিল প্ৰণৱ দত্তই।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে অভিযোগ উত্থাপন হৈছে সুমিত নামৰ এজন পৰিচালৰ বাবেই তেওঁ এইধৰে প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল। প্ৰণৱ দত্তই কাম কৰি থকাৰ সময়তে আন এটা কোঠাৰ পৰা সুমিত নামৰ পৰিচালকজনে মেচিনটো চলাই দিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে।

ইফালে প্ৰণৱ দত্ত আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। তেওঁৰ মৃত্যুত এতিয়া দিক বিদিক হেৰুৱাইছে বৃদ্ধ পিতৃ, মাতৃয়ে। আনহাতে স্থানীয় ৰাইজে এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই।

তেওঁলোকে এই ঘটনাত উচিত তদন্তৰ দাবীৰে প্ৰণৱ দত্তৰ মৃতদেহ লৈ চাবুৱা আৰক্ষী থানা ঘেৰাও কৰে। তেওঁলোকে পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে।

সেনা ছাউনীত মেচিনত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু...
দ্বিতীয়বাৰলৈ অসম টেবুল টেনিচ সন্থাৰ সভাপতি পদত মন্ত্ৰী পীযুষ হাজৰীকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in