বান বিধ্বস্ত ছিকিমত ভাৰতীয় সেনাৰ দলং নিৰ্মাণ

বান বিধ্বস্ত ছিকিমত ভাৰতীয় সেনাৰ দলং নিৰ্মাণ

ডিজিটেল ডেস্কঃ ছিকিমত বানপানীয়ে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰাৰ পিছত ভাৰতীয় সেনা আৰু সীমান্ত পথ সংস্থাই উত্তৰ ছিকিমৰ মংগন আৰু চুংথাঙৰ মাজত পথ সংযোগ পুনৰ স্থাপনৰ বাবে কাম কৰি আছে। স্থানীয় লোকৰ সহায়ত সেনাবাহিনীৰ লোকে তীস্তা নদীৰ ওপৰত এখন বেইলী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে।

ত্ৰিশক্তি বাহিনীয়ে জনোৱা মতে, ২৭ অক্টোবৰৰ ভিতৰত দ্বিতীয়খন দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা মংগন আৰু চুংথাঙৰ মাজত বাহন চলাচল পুনৰ আৰম্ভ হ’ব, যাৰ দ্বাৰা ৪ অক্টোবৰৰ পৰা বিচ্ছিন্ন হৈ থকা লাচুং উপত্যকালৈকে সংযোগ পুনৰুদ্ধাৰ হ’ব।

সংবাদ প্ৰতিষ্ঠান পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি, ৪ অক্টোবৰৰ পৰা লোনাক হ্ৰদৰ ওপৰত ডাৱৰবিস্ফোৰণৰ ফলত ছিকিমৰ তীস্তা নদীত ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হোৱাৰ পিছত মংগন আৰু উত্তৰ ছিকিমৰ কেইবাটাও অঞ্চল বিচ্ছিন্ন হৈ আছে।

প্ৰতিৰক্ষা বিভাগৰ এজন বিষয়াই সংবাদ সংস্থাটোক জনোৱা মতে, চুংথাং আৰু শংকলাং-মাংগান ক্ৰছিঙত যথেষ্ট সোনকালে ফুটব্ৰিজ আৰু জিপ লাইন নিৰ্মাণ কৰা হৈছে।

উল্লেখ্য যে, ৪ অক্টোবৰৰ পুৱা ছিকিমত হোৱা তীস্তা নদীৰ বানত ছিকিম আৰু চুবুৰীয়া উত্তৰ পশ্চিম বংগত কমেও ৭৮ জন লোকৰ মৃত্যু হয়।

বান বিধ্বস্ত ছিকিমত ভাৰতীয় সেনাৰ দলং নিৰ্মাণ
মন্দিৰ দৰ্শন কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জনালে দুৰ্গাপূজাৰ শুভেচ্ছা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in