মন্দিৰ দৰ্শন কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জনালে দুৰ্গাপূজাৰ শুভেচ্ছা

মন্দিৰ দৰ্শন কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জনালে দুৰ্গাপূজাৰ শুভেচ্ছা

ডিজিটেল ডেস্কঃ সংহতিৰ পৰিচয় দি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই শেহতীয়াকৈ ঢকেশ্বৰী ৰাষ্ট্ৰীয় মন্দিৰ ভ্ৰমণ কৰি দুৰ্গা পূজাৰ শুভেচ্ছা জনাই বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ প্ৰতি অদম্য সমৰ্থন ঘোষণা কৰে।

ঢাকাৰ দক্ষিণ চহৰ নিগমৰ মেয়ৰ ফাজলে নুৰ তাপোশ আৰু বাংলাদেশ পূজা উদজাপন পৰিষদ সমিতিৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই হিন্দু সম্প্ৰদায়ৰ প্ৰতি আৱামী লীগে ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়োৱাৰ ওপৰত আলোকপাত কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে, সমাজে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মাজতো দলটোৱে ১৯৭৫ চনৰ পৰা তেওঁলোকৰ কাষত থিয় দিছে।

প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ মুকলি মনৰ আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি ধৰ্ম নিজ নিজ অনুগামীৰ হোৱাৰ বিপৰীতে উৎসৱ সকলোৰে বাবে বুলি ঘোষণা কৰে। লগতে সমগ্ৰ দেশতে শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা উদযাপন কৰাত সন্তুষ্টি প্ৰকাশ কৰি আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ নিষ্ঠা আৰু তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাক ইয়াৰ কৃতিত্ব প্ৰদান কৰে।

হাচিনাই ধৰ্মীয় বা জাতিগত পটভূমি নিৰ্বিশেষে সকলো নাগৰিকৰ বাবে সম অধিকাৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰি কয় যে, তেওঁলোক সকলোৱেই “এই মাটিৰ পুত্ৰ”। লগতে সকলো জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে কাম কৰাৰ বাবে চৰকাৰৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ধৰ্মীয় গোষ্ঠী আৰু জাতি-জনগোষ্ঠীৰ মাজত ঐক্যতাৰে সম অধিকাৰ ভোগ কৰাৰ লগতে মিলাপ্ৰীতিৰে উৎসৱ উদযাপনৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ আৰু বক্তব্যই বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ প্ৰতি আৱামী লীগৰ অবিৰত সমৰ্থন আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধ ৰক্ষা আৰু বৈচিত্ৰময় আৰু সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে চৰকাৰৰ নিষ্ঠাৰ ওপৰত আলোকপাত কৰে।

মন্দিৰ দৰ্শন কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জনালে দুৰ্গাপূজাৰ শুভেচ্ছা
মানৱ নে দানৱ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in