/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1a2b9f3e-d6aa-4ffd-a3e7-795cb535574e/AP_FOR_WEB_manipur.jpg)
ডিজিটেল ডেস্কঃ বিগত মে' মাহত মণিপুৰত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষ এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই। এই সংঘৰ্ষত বৰ্তমানলৈ প্ৰায় ২০০ গৰাকীলোকে প্ৰাণ হেৰুওৱাৰ উপৰিও আহত হৈছে বহুতো।
মেইটেই আৰু কুকি সকলৰ মাজত এই সংঘৰ্ষ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৰা চেষ্টা বহু পৰিমাণে সফল হৈছে। তাৰ মাজতে আছে এক ভাল খবৰ। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচন চেম্পিয়নশ্বিপত ভাৰতক ঐতিহাসিক বিজয়ৰ দিশে লৈ যোৱাত দুই কিশোৰৰ প্ৰচেষ্টা বিশেষ চৰ্চাত আছে।
মেইটেই আৰু কুকি সম্প্ৰদায়ৰ দুই যুৱক ভৰত লাৰেংগাম আৰু কুকি কিশোৰ লুইছ জাংমিনলুনে ঘৰুৱা শত্ৰুতাক আঁতৰাই ৰাখি খেলত অংশগ্ৰহণ কৰিছিল। ভৰত আৰু লুইছে দেশৰ হৈ গল কৰিছিল। ইয়াৰ বাবে ভাৰতে ভূটানৰ থিম্ফুত বাংলাদেশক ২-০ গলত পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে এছএএফএফ অনুৰ্ধ-১৬ খিতাপ জয় কৰে।
The moment we all have been waiting for!! CHAMPIONS 🎉#INDBAN ⚔️ #U16SAFF2023 🏆 #BlueColts 🐯 #IndianFootball ⚽ pic.twitter.com/B4Ngatn8m1
— Indian Football Team (@IndianFootball) September 10, 2023
ভাৰতৰ এই সফলতাত মণিপুৰৰ যথেষ্ঠ হাত আছে। কিয়নো খেলত অংশগ্ৰহণ কৰা ২৩জন খেলুৱৈৰ ১৬ জনেই উত্তৰ-পূৰ্বাঞ্চলৰ। আৰু ইয়াৰ ১৬ জনৰ ১১জন মেইটেই আৰু ৪ গৰাকী কুকি আছিল।
জয়ৰ পাছতে ভৰতে কয় যে তেওঁ গল কৰি যথেষ্ঠ সুখী। তেওঁ কয় যে, যদিও দলটোৰ খেলুৱৈসকল বিভিন্ন সম্প্ৰদায়ৰ আমি একান্ত মনে খেলিছিলো। মোৰ সতীৰ্থ মিডফিল্ডাৰ লুইছে খেলখনৰ আগতে মোক কৈছিল যে মই মেচখন জিকিবলৈ গল কৰিব লাগিব। ভাৰতৰ হৈ খিতাপ জয় কৰাতো গুৰুত্বপূৰ্ণ আছিল। মণিপুৰৰস্থিতি সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যখনৰ স্থিতি ভাল হ'ব বুলি তেওঁ আশাবাদী।
Also Read: চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত ড৹ দিগন্ত বিশ্ব শৰ্মা