চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত ড৹ দিগন্ত বিশ্ব শৰ্মা

চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত ড৹ দিগন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, দৌলাশালঃ বিষয়ভিত্তিক শিক্ষা ব্যৱস্থা ভুৱা-প্ৰবঞ্চনা । বিষয়ভিত্তিক শিক্ষা ব্যৱস্থাই আমাক পৰনিৰ্ভৰশীল কৰি তুলিছে । যাদৱ পায়েঙৰ হাতত কোনো বিষয়ৰ শিক্ষা নাছিল। শিক্ষা ব্যৱস্থাত আমাৰ যি শক্তি বিকশিত হ'ব লাগে সেই শক্তিক বিকশিত হ'ব নিদিয়ে- এই মন্তব্য সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক তথা বিশিষ্ট চিন্তাবিদ, লেখক ড° দিগন্ত বিশ্ব শৰ্মাৰ ৷

মঙলবাৰে বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ ২০২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নৱাগত আদৰণি সভাৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপ উপস্থিত থাকি এই মন্তব্য কৰে তেওঁ। লগতে কয় যে, মোৰ জীৱনৰ যিবোৰ আন্তগুণৰাশি আছে সেইবোৰ বিকশিত কৰাহে শিক্ষা । মোৰ ভিতৰত যি সামৰ্থ আছে , সম্ভাৱনা আছে, ক্ষমতা আছে সেই ক্ষমতাবোৰক বিকশিত কৰা, মোৰ যিটো একাগ্ৰতাৰ শক্তি সেই একাগ্ৰতাৰ শক্তিক শিক্ষা ব্যৱস্থাই বিকশিত কৰি দিব লাগে। তাৰ পাছত একাগ্ৰতাৰ শক্তিৰ দ্বাৰাই মোৰ যি ইচ্ছা সেই বিষয়ে শিকিম ।

যদি মোক অকল বিষয়বস্তু শিকিবলৈ দিয়া হৈছে তাৰমানে মোৰ সামৰ্থ বিকশিত হোৱাৰ পৰা মোক আঁতৰাই ৰাখিবলৈ যত্ন কৰা হৈছে । সামৰ্থ অবিহনে মই বিকলাংগ, মই পৰনিৰ্ভৰশীল । গতিকে মোক মন্ত্ৰী-বিধায়কে চাকৰি নিদিলে মই আত্মহত্যা কৰিব লাগিব । যদি মোৰ সামৰ্থ বিকশিত হৈ থাকে , মোৰ যদি কোৱালিটি বিকশিত হৈ থাকে , মোৰ জীৱনবোধৰ সতে যদি মই পৰিচিত হও তেতিয়া মোক মন্ত্ৰী-বিধায়কে চাকৰি নিদিলেও মই যাদৱ পায়েং হৈ উঠিম ।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ শ্ৰুতি-মধুৰ ভাষণ প্ৰদান কৰে সাহিত্য অকাদেমিৰ অনুবাদ বঁটা প্ৰাপক তথা বিশিষ্ট চিন্তাবিদ- সাহিত্যিক ড৹ দিগন্ত বিশ্ব শৰ্মাই ৷ ভাষণ প্ৰসংগত দিগন্ত বিশ্ব শৰ্মাই কয় যে- "যেতিয়া কোনো মহাবিদ্যালয়ত বক্তৃতা দিবলৈ উপস্থিত হওঁ তেতিয়া মই স্মৃতিকাতৰ হৈ পৰো । ৩৭ বছৰ আগতে ১৯৮৭ চনত গুৱাহাটী কমাৰ্চ কলেজৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে আমি অনুষ্ঠিত কৰা নৱাগত আদৰণি সভাৰ মুখ্য অতিথি হিচাপে দেৱপ্ৰসাদ বৰুৱাদেৱক আমন্ত্ৰণ জনাবলৈ যাওঁতে তেখেতে কৈছিল- কলম নথকা ছাত্ৰ আৰু বন্দুক নথকা সৈনিকৰ কোনো মূল্য নাই । আৰু আদৰণি সভাত আজিৰ ছাত্ৰ ভবিষ্যতৰ নাগৰিকৰ পৰিৱৰ্তে মই কৈছিলোঁ- আজিৰ ছাত্ৰ আজিৰেই দেশৰ নাগৰিক ।

ভাষণৰ আৰম্ভণিতেই নিজৰ ছাত্ৰ অৱস্থাৰ কথা দোহাৰি দিগন্ত বিশ্ব শৰ্মাই স্মৃতিকাতৰ হৈ পৰে । দিগন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে- শিক্ষাৰো যে প্ৰধান অংগ থাকিব পাৰে আজিৰ শিক্ষাবিদসকলে কল্পনাও কৰিব নোৱাৰে ৷ যিসকল যথাৰ্থ শিক্ষাবিদ তেওঁলোকে ইতিমধ্যেই এই কথা কল্পনা কৰিছে ৷ আধুনিক শিক্ষা ব্যৱস্থাৰ গৰ্বস্তম্ভ তিনিটা হৈছে- বক্তৃতা, পাঠ্যক্ৰম আৰু মূল্যায়ন ৷ তাৰ পাছতো আমাৰ বিশ্ববিদ্যালয়সমূহে আমাক এখন কাগজ প্ৰদান কৰে । সেই কাগজত বিষয়ৰ নম্বৰ লিখা থাকে ।

যদি বিষয়ভিত্তিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ একমাত্ৰ মানদণ্ড হয় , এজন ব্যক্তিৰ যদি কোনো বিষয়ত জ্ঞান নাই, কিন্তু তেওঁক পৃথিৱীৰ বহু বিশ্ববিদ্যালয়ে নিমন্ত্ৰণ কৰিছে, বিশ্ববিদ্যালয়ৰ মঞ্চত বক্তৃতা দিবলৈ গৈছে আৰু সেই ব্যক্তিজনৰ কোনো বিশ্ববিদ্যালয়ৰ নম্বৰৰ কাগজ নোহোৱাকৈ আজি অসমৰ প্ৰতিজন ব্যক্তিয়েই চিনি পায় ৷ তেওঁ হৈছে অৰণ্য মানৱ যাদৱ পায়েং ৷ যাদৱ পায়েঙৰ হাতত বিশ্ববিদ্যালয়ে সেই ভুৱা দীক্ষান্ত সমাৰোহত দিয়া কাগজখিলা নাই । যাদৱ পায়েঙে মন্ত্ৰী- বিধায়কৰ ওচৰত চাকৰি বিচাৰি শিক্ষাৰ জোলোঙা লৈ যোৱা নাই । বৰং মন্ত্ৰী-বিধায়কে তেওঁৰ ঘৰৰ ওচৰলৈ আহে । কাৰণ তেওঁ এখন মৰুভূমি অৰণ্যলৈ ৰূপান্তৰিত কৰিছে । সেইবাবে ভবিষ্যতৰ পৃথিৱীয়ে কেৱল যাদৱ পায়েঙৰ দৰে ব্যক্তিকহে স্বীকৃত দিব ।"

দিগন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰি পুনৰ কয় যে- "এখন পূৰ্ণতাকামী পৃথিৱী গঢ়িবলৈ এজন পূৰ্ণতাকামী মানুহ লাগিব । কোনো শাস্ত্ৰ, কোনো ধৰ্ম, কোনো সংগঠনে সমাজ পৰিবৰ্তন কৰিব নোৱাৰে। পৰিবৰ্তন কৰিবলৈ হ'লে আমি নিজকেই ৰূপান্তৰ কৰিব লাগিব । প্ৰদূষণপূৰ্ণ এখন হৃদয়েৰে আমি এখন প্ৰদূষণমুক্ত পৃথিৱী পাব নোৱাৰোঁ । পৃথিৱীখন ধুনীয়া কৰিবলৈ কামনা বাসনাক ধাউতি আৰু ৰুচিলৈ পৰিবৰ্তন কৰিব লাগিব । সফলতাক প্ৰগতিলৈ ৰূপান্তৰ কৰিব লাগিব । খ্যাতিক ব্যাকুলতালৈ ৰূপান্তৰ কৰিব লাগিব । জগতক ৰূপান্তৰ কৰিব লাগিলে নিজক ৰূপান্তৰিত কৰিব লাগিব । দেৱতাৰ জীৱনৰ লক্ষ্য নাই; দেৱতা সকল অমৰ । আমাৰ জীৱনৰ এটা লক্ষ্য থাকিব লাগিব; লক্ষ্যহীন জীৱন যন্ত্ৰণাময় জীৱন ।

উল্লেখ্য যে মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সভাপতি ৰুবুল মিঞাই । আদৰণি অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ বানেশ্বৰ বেজবৰুৱাই । আৰম্ভণিতে উপাধ্যক্ষ বানেশ্বৰ বেজবৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে পৰিবেশন কৰা হয় এখনি সংগীতালেখ্য । নৱাগত ছাত্ৰ ছাত্ৰীসকলক লৈ যুগুতোৱা প্ৰতিবেদন পাঠ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰোহিত দাসে । মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য কামৰূপ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ মোহন চন্দ্ৰ তালুকদাৰে ন-পুৰণি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । সভাখনত সহস্ৰাধিক ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মৰত অধ্যাপক-অধ্যাপিকাসহ কৰ্মচাৰীসকল উপস্থিত থাকে ।

চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত ড৹ দিগন্ত বিশ্ব শৰ্মা
দুৰ্গাপূজা উপলক্ষে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in