/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1fe50746-e8b7-47e2-a930-35b7aa3b0dc5/sarba.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ'পেথি প্ৰতিষ্ঠানৰ (এনইআইএএইচ) প্রকল্প ২ৰ অংশ হিচাপে ৬টা নতুন ভৱনৰ শুভ উদ্বোধন কৰে।৬০.১৬ কোটি টকা ব্যয় সাপেক্ষে এই নতুন ভৱনসমূহ নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6062dc56-0405-4a90-88ba-81b2fe12f7bb/14e25c33_736c_4cfb_ba37_640034cd64e7.jpg)
এই নতুন ভৱনসমূহ হৈছে এটা ল'ৰাৰ হোষ্টেল, এটা ছোৱালীৰ হোষ্টেল, টাইপ ৩, টাইপ IVA কোৱাৰ্টাৰ, টাইপ IVB কোৱাৰ্টাৰ, জ্যেষ্ঠ আৱাসিক হোষ্টেল আৰু এটা অতিথিশালা।অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয়,"আজি শ্বিলঙত এই ৬টা নতুন ভৱন মুকলি কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। এই ভৱনকেইটাই প্ৰতিষ্ঠানখনৰ ক্ষমতা আৰু কাম-কাজ অধিক সম্প্ৰসাৰিত কৰিব, যিয়ে মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত পৰম্পৰাগত ঔষধৰ গুৰুত্বক আগুৱাই নিয়াত এক অগ্রণী ভূমিকা পালন কৰিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5e24f766-04af-4279-ae89-68fa82c1b7c7/4b87e052_db71_4393_8eae_3502260a9af5.jpg)
লগতে মন্ত্ৰী সর্বানন্দ সোণোৱালে উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আধুনিক চিকিৎসা তথা ঔষধ পদ্ধতিৰ সমান্তৰালভাৱে পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত প্ৰমাণ আধাৰিত গৱেষণা গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক বছৰবোৰত দেশৰ স্বাস্থ্য সেৱা প্ৰণালীত সমন্বিত মেডিচিনৰ বৃহৎ ভূমিকা প্রতিফলিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ca461197-0f10-448f-8445-e0df014aafe5/5ffeb00d_4f8d_48b9_841b_84a00c4d224f.jpg)
ভাষণ প্ৰসংগত তেওঁ কয় যে "আজি মুকলি কৰা উক্ত ভৱনসমূহৰ কাম-কাজে দেশৰ পৰম্পৰাগত ঔষধ প্ৰণালীক পুনৰুজ্জীৱিত কৰাৰ নিৰৱচ্ছিন্ন প্রচেষ্টাকো উৎসাহিত কৰিব। মই আপোনালোকক জনাবলৈ পাই সুখী যে, উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ'পেথি প্রতিষ্ঠানে শীঘ্ৰেই এম্বুলেন্স সেৱাও আৰম্ভ কৰিব।"
পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে লগতে কয়, "আমাৰ উত্তৰ- পূর্বাঞ্চল বর্ণাঢ্য প্রাকৃতিক সম্পদ আৰু ঔষধি গাছৰে পৰিপূৰ্ণ । ঔষধি উদ্ভিদৰপৰা প্ৰস্তুত কৰা ঔষধে আৰু বন-দৰৱে বহু অসুখ আৰোগ্য কৰাত সহায় কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ঔষধ প্ৰণালীৰ এই সমৃদ্ধ প্ৰক্ৰিয়াটো আমি ক্ষিপ্ৰতাৰে আগুৱাই নিব বিচাৰো যাতে ইয়াৰ অধিক সম্প্ৰসাৰণ হয় আৰু মানুহৰ জীৱনৰ মান উন্নত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3c8256c7-6e1e-4b24-baf2-29a0b1e40e4f/4a202773_b6ed_43e7_b3d4_93c6756a6f28.jpg)
প্রধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে এনে এক স্বাস্থ্যসেৱা প্ৰদান প্ৰণালী বিকশিত কৰা, যি অধিক কাৰ্যকৰী, প্ৰযুক্তিগতভাৱে আগবঢ়া আৰু দক্ষ হ'ব। চৰকাৰে পৰম্পৰাগত স্বাস্থ্য সেৱাক উচ্চ স্তৰলৈ লৈ যোৱা নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে।"
উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ'পেথিক প্ৰতিষ্ঠানৰ চিকিৎসালয়ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে তেওঁলোকে উন্নত ফলাফল লাভ কৰি আছে। ২০২২-২৩ বিত্তীয় বৰ্ষত চিকিৎসালয়খনৰ অ'পিডি ক্লিনিকত ৫২,০৮৮ গৰাকী ৰোগী অন্তৰ্ভুক্ত হৈছিল।
শৈক্ষিক ক্ষেত্ৰত প্ৰতিষ্ঠানখনে ইতিমধ্যে আয়ুৰ্বেদিক ঔষধ আৰু অস্ত্ৰোপচাৰৰ স্নাতক (বিএএমএছ) আৰু হোমিঅ'পেথিক মেডিচিন আৰু অস্ত্ৰোপচাৰ (বিএইচএমএছ)ত ৬টা স্নাতক গোটৰ নামভর্তি কৰিছে বুলি মন্ত্ৰী সোণোৱালে মন্তব্য কৰে।
অনুষ্ঠানটিত সন্মানীয় অতিথিসকল যেনে মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মাজেল আমপানি নিংড়ো, মেঘালয় চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্রী এ এল হেক, নেহুৰ উপাচার্য অধ্যাপক প্রভা শংকৰ শুক্লা, উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক নলিন মেহতা আৰু উত্তৰ-পূব আয়ুৰ্বেদ আৰু হোমিঅ'পেথি প্ৰতিষ্ঠানৰ সঞ্চালক নীতা মহেশকাৰে অংশগ্রহণ কৰে।
Also Read: কিয় সলনি হ'ল গুজৰাট টাইটানছৰ জাৰ্চীৰ ৰং