বিপদে লগ এৰা নাই বিজেপিক, এইবাৰ মণিপুৰৰ বিধায়কৰ পদত্যাগ

বিপদে লগ এৰা নাই বিজেপিক, এইবাৰ মণিপুৰৰ বিধায়কৰ পদত্যাগ

ডিজিটেল ডেস্ক : চাৰিদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বিৰেন সিঙৰ মুখ্য সচিব পদৰ পৰা পদত্যাগ কৰিছিল বিজেপিৰ থখম ৰাধেশ্যামে । তাৰ পাছত এইবাৰ মণিপুৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ কৰম শ্যামে পদত্যাগ কৰিলে বিজেপিৰ পৰা । ইয়াৰ পূৰ্বে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰাৰ এদিন পাছতেই ঘটিল এই ঘটনা ।

এই ঘটনাই এতিয়া সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে, মোহভংগ হৈছে নেকি বিজেপিৰ নেতাসকলৰ । ইয়াৰ ওপৰিও প্ৰদেশ সমূহত ক্ষমতা হেৰুৱাৰ দিশে ধাৱমান নেকি বিজেপি ?

মণিপুৰৰ এই ঘটনা এক ৰাজনৈতিক অস্থিৰতাৰ উত্থান হোৱাৰ দিশে গতি কৰিছে শেহতীয়াকৈ । কিয়নো বিজেপিৰ বহু কেইজন বিধায়কে শেহতীয়াকৈ দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত ভিৰ কৰা দেখা গৈছে মণিপুৰৰ ক্ষমতাকেন্দ্ৰিক আলোচনাৰ বাবে ।

একেই অৱস্থা অসমতো দেখা গৈছিল ২০১৪ চনত । অৱশ্যে তেতিয়া এই সমস্যা হৈছিল কংগ্ৰেছৰ সৈতে । কংগ্ৰেছে লোৱা সেই পদক্ষেপেই পৰৱৰ্তী সময়ত অসমত বিজেপিৰ বাট সুচল কৰি দিয়া বুলিও বহুতে ক'ৱ খোজে । এতিয়া কংগ্ৰেছৰ পদক্ষেপেই গ্ৰহণ কৰিছে নেকি বিজেপিয়ে ?

বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মণিপুৰত হয়তো অতি শীঘ্ৰেই সলনি হ'ব মুখ্যমন্ত্ৰী অথবা কেবিনেট মন্ত্ৰীসভাত দেখা যাব সাল-সলনি । মুঠতে ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰিব ৰাজ্যখনত ।

অৱশ্যে এতিয়ালৈ এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৰাজ্যখনৰ বিজেপি সভাপতি অথবা মুখ্যমন্ত্ৰীয়ে ।

বিপদে লগ এৰা নাই বিজেপিক, এইবাৰ মণিপুৰৰ বিধায়কৰ পদত্যাগ
পেৰিছ অলিম্পিকৰ বাবে সাজু হৈ উঠিছে নীৰজ চোপ্ৰা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in