পেৰিছ অলিম্পিকৰ বাবে সাজু হৈ উঠিছে নীৰজ চোপ্ৰা

পেৰিছ অলিম্পিকৰ বাবে সাজু হৈ উঠিছে নীৰজ চোপ্ৰা

ডিজিটেল ডেস্ক : আগন্তুক ২০২৪ বৰ্ষত অনুষ্ঠিত হ'বলৈ গৈ আছে অলিম্পিক । ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ'ব লগীয়া এই অলিম্পিকলৈ সাজু হৈ উঠিছে অলিম্পিয়ান নীৰজ চোপ্ৰা । এক জুম বাৰ্তাত দেশৰ বছা বছা সাংবাদিকৰ সন্মুখত বিভিন্ন প্ৰশ্নৰ উত্তৰ দি অলিম্পিয়ান গৰাকীয়ে কয় যে, "পেৰিছ অলিম্পিকত বিশ্বৰ শ্ৰেষ্ঠ থ্ৰ'ৱাৰসকল সমবেত হোৱাটো নিশ্চিত । সেইবাবেই বৰ্তমানে মোৰ প্ৰস্তুতি আৰু গেমৰ ওপৰতে যথেষ্টকৈ গুৰুত্ব আৰোপ কৰিছো ।"

উল্লেখ্য যে, খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত অনুশীলন সামৰি ভাৰতত উপস্থি হৈছে । দক্ষিণ আফ্ৰিকাত মূলত: ষ্ট্ৰেংথ আৰু থ্ৰ'ৱাৰ মাছলৰ শক্তি আহৰণৰ বাবে অনুশীলন চলোৱা বুলি জনাইছে নীৰজ চোপ্ৰাই ।

নীৰজ চোপ্ৰাই হেনো ৯০ মিটাৰৰ লক্ষ্যৰে কঠিন অনুশীলন চলাই আছে ডায়মণ্ড লীগৰ বাবে । কিয়নো এই লীগত আছে বিশ্ব শ্ৰেণীৰ খেলুৱৈ সকল । ঝাৰ বাবে ৮০-৮৫ মিটাৰত সন্তুষ্ট থাকিব নোৱাৰে কোনো ।

এতিয়া অপেক্ষা মাথো পেৰিচ অলিম্পিকলৈ, পূৰ্বৰ দৰেই দেশলৈ আহক আন এটা পদক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in