মণিপুৰত পৃথক পৃথক অভিযানত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

মণিপুৰত পৃথক পৃথক অভিযানত  বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অব্যাহত আছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। মঙলবাৰে মণিপুৰৰ পূৱ ইম্ফল, কাকচিং, বিষ্ণুপুৰ, চুৰাচান্দপুৰ, থৌবাল আৰু পশ্চিম ইম্ফল জিলাৰ বিভিন্ন অঞ্চলত নিৰাপত্তা ৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন সংখ্যক মাৰণাস্ত্ৰ।

অভিযান কালত পূব ইম্ফল জিলাৰ পৰা ১টা এছাল্ট ৰাইফল, ৩টা এচ এম জি কাৰ্বাইন, ১টা ষ্টেন গান, ২টা নাইন এম এম পিষ্টলসহ মুঠ ৮টা মাৰণাস্ত্ৰ, ৬২টা সক্রিয় গুলি, ১৮ টা বিস্ফোৰক, ১টা কান্ত্রি মেড বোমা লঞ্চাৰ, ২টা ৱাৰলেছ ছেট, ২টা টিউব লঞ্চিং, ১টা স্মোক গ্ৰেনেড আৰু ৫টা জেকেট জব্দ কৰা হয়।

সেইদৰে চূড়াচান্দপুৰ জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মেগাজিনসহ ২টা নাইন এম এম পিষ্টল, ১টা স্থানীয় নিৰ্মিত একক বেৰেল, ১২ এমএম ব’ৰ বন্দুকৰ সক্ৰিয় গুলি, হেভি কেলিবাৰ মেচিন গানৰ ২১ টা সক্ৰিয় গুলি, হেভি মৰ্টাৰ ১টা, দেশত নিৰ্মিত ইম্প্ৰভাইজড বোমা ১টা আৰু ১ টা ৰকেট প্ৰপেল্ড গ্ৰেনেড জব্দ কৰা হয়।

মনিপুৰ আৰক্ষীয়ে সদৰি কৰা মতে, উপদ্ৰুত ৫খন জিলাৰ মুঠ ৭৫০ টা ঘৰত তালাচী চলোৱাৰ বিপৰীতে ১৬০০ জন ব্যক্তিক ভেৰিফাই কৰা হয়।

মণিপুৰত পৃথক পৃথক অভিযানত  বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ
মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in