কায়েম মিঞাৰ বৰ্বৰতা! নৃশংসভাৱে হত্যা কৰিলে ১৫ বছৰীয়া পত্নীক

অতি নৃশংসভাৱে নিজ পত্নীক হত্যা কৰিলে স্বামীয়ে। নৃশংসতাৰ সকলো সীমা চেৰাই অভিযুক্ত স্বামীয়ে ১৫ বছৰীয়া কিশোৰী পত্নীক হত্যা

author-image
Asomiya Pratidin
New Update
কায়েম মিঞাৰ বৰ্বৰতা! নৃশংসভাৱে হত্যা কৰিলে  ১৫ বছৰীয়া পত্নীক

ডিজিটেল ডেস্কঃ অতি নৃশংসভাৱে নিজ পত্নীক হত্যা কৰিলে স্বামীয়ে। নৃশংসতাৰ সকলো সীমা চেৰাই অভিযুক্ত স্বামীয়ে ১৫ বছৰীয়া কিশোৰী পত্নীক হত্যা কৰি দুটুকুৰা কৰিলে। এই ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ আগৰতলাত। শনিবাৰে এই বিষয়ে জনাই আৰক্ষীয়ে।

Advertisment

বিবাহিত কিশোৰী গৰাকী শুকুৰবাৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছিল।কেইবাঘন্টা ধৰি বিচাৰ খোচৰ কৰাৰ পাছত দুখন মোনাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল তেওঁৰ মৃতদেহ।

জানিব পৰা মতে কিশোৰী গৰাকী প্ৰায় ৮ মাহ আগত কায়েম মিঞাৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল।শুকুৰবাৰে পুৱা কিশোৰী গৰাকীৰ মাতৃয়ে গম পাইছিল নিৰুদ্দেশৰ কথা আৰু তাইৰ ঘৰলৈ গৈছিল।

কায়েম মিঞাৰ ঘৰত উপস্থিত হৈ হত্যাৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃয়ে তেজ প্ৰত্যক্ষ কৰে। কিন্তু নিজ কন্যা আৰু জোৱায়েকক দেখা নাপায়। লগে লগে এজাহাৰ দাখিল কৰিছিল হত্যাৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃয়ে।

সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই আটক কৰিছিল কায়েমক। জেৰাৰ সময়ত কায়েমে কৈছিল যে তেওঁ বৃহস্পতিবাৰে নিশা পত্নীক হত্যা কৰিছিল আৰু তাইৰ শৰীৰৰ অংশবোৰ মোনাত ভৰাই জংঘলত পেলাই দিছিল।

তাৰ পাছতেই আৰক্ষীয়ে দুখন মোনাত উদ্ধাৰ কৰিছিল কিশোৰী গৰাকীৰ মৃতদেহৰ অংশ। মৃতকৰ মূৰটো এটা মোনাত আৰু শৰীৰৰ বাকী অংশ আন এখন মোনাত উদ্ধাৰ হৈছিল। লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কায়েমক। কিয় কায়েমে এই কাণ্ড সংঘটিত কৰিলে এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

Also Read: গোৱালপাৰা পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

tripura crime