মণিপুৰৰ নাৰী নিৰ্যাতন : অৰুণাচলত উলিয়ালে বিশাল সমদল

মণিপুৰৰ নাৰী নিৰ্যাতন : অৰুণাচলত উলিয়ালে বিশাল সমদল

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ নাৰী নিৰ্যাতন : অৰুণাচলত উলিয়ালে বিশাল সমদল

ডিজিটেল সংবাদ,চিলাপথাৰ : মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাকলৈ সৰ্বত্ৰে অৱ্যহত আছে প্ৰতিবাদ। মণিপুৰ কাণ্ডক সমগ্ৰ দেশে ধিক্কাৰ দিছে। তাৰ মাজতে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ একাংশ প্ৰতিবাদী মহিলা ওলাই আহিল ৰাজপথলৈ।

Advertisment

চিলাপথাৰৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ লিকাবালিত মণিপুৰত সংঘটিত নাৰী নিৰ্যাতন ঘটনাৰ প্ৰতিবাদ আৰু শান্তি প্ৰতিষ্ঠাৰ দাবীত ওলাই আহিল সহস্ৰাধিক মহিলা। মণিপুৰত মানৱতাৰ ভূলুন্ঠিত কৰি অৱলা নাৰীৰ ওপৰত চলোৱা চৰম নিৰ্যাতনৰ প্ৰতিবাদত ক্ৰমে মিটা য়ুথ এচ'ছিয়েছন,মিজে হিনম ফেডাৰেছন,উইমেন ৱেল ফেয়াৰ চ'ছাইটি,নামনি চিয়াং জিলা ছাত্ৰ সন্থা,গা'ল য়ুথ,ম'গ ব'গ ফেডাৰেছন আদি বিভিন্ন সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।

লিকাবালিৰ সীমান্তৰ পৰা সমদল উলিয়াই নাৰী নিৰ্যাতনকাৰীক ফাঁচী দিয়ক,নাৰীক ন্যায় প্ৰদান কৰক,গোষ্ঠী সংঘৰ্ষ নচলিব,নাৰী নিৰ্যাতন বন্ধ কৰক আদি শ্ল'গানে নিনাদিত কৰিলে পাহাৰ ভৈয়াম। ইয়াৰ পিচতে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভা। অশান্তজৰ্জৰ মণিপুৰত নাৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদী ৰাইজে একেমুখে ধিক্কাৰ দিয়াৰ লগতে শান্তি প্ৰতিষ্ঠা কৰাৰ দাবী জনায়।

Also Read: মঙলদৈত পানীত পৰি ছাত্ৰৰ মৃত্যু

manipur arunachal