মঙলদৈত পানীত পৰি ছাত্ৰৰ মৃত্যু

মঙলদৈত পানীত পৰি ছাত্ৰৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
মঙলদৈত পানীত পৰি ছাত্ৰৰ মৃত্যু

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ গাধোৱা চাপৰিত পানীত ডুবি এজন লোকৰ মৃত্যু হয়। ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ গৈ অকাল মৃত্যুক আকোৱালি ল'লে এজন ছাত্ৰই।

Advertisment

ছাত্ৰজনৰ মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । SDRF বাহিনীৰ লগতে আৰক্ষীৰ লোক দুঘণ্টা পলমলকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে স্থানীয় লোকে উত্তেজনাৰ সৃষ্টি কৰে ।

পলমকৈ উপস্থিত হোৱা SDRF বাহিনীৰ লোকক ঘটনা স্থলীৰ পৰা একাংশ ৰাইজে খেদি পঠিয়াই। মঙলদৈ ধূলাৰ চুলেমান খান নামৰ ছাত্ৰ জনে টিউচন কৰিবলৈ আহি আন ৩ ছাত্ৰৰ সৈতে মিলি গাধোঁৱাৰ ব্ৰহ্মপুত্ৰ সুতিত গা ধুবলৈ আহিছিল। কিন্তু দুৰ্ভাগ্যৱশত চুলেমান খান সুঁতিৰ প্ৰৱল সোঁতত উটি যায় ।

অভিযোগ অনুসৰি স্থানীয় লোকে আৰক্ষী আৰু SDRF ৰ লোকক খবৰ দিছিল যদিও বহু পলমকৈ আৰক্ষীৰ লগতে SDRF ৰ লোক ঘটনাস্থলীত উপস্থিত হয় । উপায়ন্তৰ ৰাইজেই নদীত উদ্ধাৰ অভিযান চলাই ছাত্ৰ জনৰ মৃতদেহ উদ্ধাৰ কৰে। শেষত ছাত্ৰজনৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Also Read: অৱশেষত ক্ষমা বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

mangaldoi