আগৰতলাত বুজন পৰিমাণৰ গাঞ্জা জব্দঃ আটক ৪ মহিলা

আগৰতলাত বুজন পৰিমাণৰ গাঞ্জা জব্দঃ আটক ৪ মহিলা

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত গাঞ্জাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। গোপন তথ্যৰ ভিত্তিত দেওবাৰে আগৰতলাৰ কলেজটিলা আৰক্ষী চকীৰ‌ভাৰপ্ৰাপ্ত বিষয়া শ্যামল দেবনাথৰ নেতৃত্বত কৰা হৈছিল এই অভিযান। এই অভিযানত যোগেন্দ্রনগৰ ৰেলস্টেশনৰ ওচৰৰ পৰা ২২ কেজি গাঁজা জব্দ কৰা হয়।

গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বিহাৰৰ ৪গৰাকী মহিলাক আটক কৰে।‌ মহিলা কেইগৰাকীৰ পৰা জব্দকৃত গাঞ্জা খিনিৰ মূল্য প্রায় ৪ লাখ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

গাঞ্জা খিনি ত্ৰিপুৰাৰ পৰা বিহাৰৰ উদ্দেশ্যে ৰেলেৰে সৰবৰাহ কৰাৰ কথা আছিল বুলি আৰক্ষীৰ‌ জেৰাত স্বীকাৰ কৰিছে ধৃত মহিলা কেইগৰাকীয়ে।

আগৰতলাত বুজন পৰিমাণৰ গাঞ্জা জব্দঃ আটক ৪ মহিলা
বৰক্ষেত্ৰীৰ ৰামপুৰত গৱেষক চিকিৎসকৰ প্ৰচেষ্টাত গছপুলি ৰোপণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in