বৰক্ষেত্ৰীৰ ৰামপুৰত গৱেষক চিকিৎসকৰ প্ৰচেষ্টাত গছপুলি ৰোপণ

বৰক্ষেত্ৰীৰ ৰামপুৰত গৱেষক চিকিৎসকৰ প্ৰচেষ্টাত গছপুলি ৰোপণ

ডিজিটেল সংবাদ, দৌলাশালঃ অমৃতবৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰৰ এগৰাকী প্ৰকৃতিপ্ৰেমী অৱসৰপ্ৰাপ্ত গৱেষক-চিকিৎসকৰ প্ৰচেষ্টাৰে ৰোপণ কৰা হয় ২০জোপা মূল্যবান গছপুলি ৷ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত গৱেষণা বিষয়া ডাঃ প্ৰিয়কান্ত গোস্বামীয়ে তেওঁৰ জন্মগাঁও ৰামপুৰত এই গছপুলি ৰোপণ কৰে ৷

ৰামপুৰ অঞ্চলৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু জ্যেষ্ঠ নাগৰিকৰ হতুৱাই গছপুলিসমূহ ৰোপণ কৰা হয় ৷ ৰামপুৰ গাঁৱৰ গোলক নাথ, মকুল গোস্বামী আৰু প্ৰদীপ গোস্বামী সহযোগত গছপুলি সমূহ ৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদচন্দ্ৰ গোস্বামী, নলবাৰী জিলা শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক ভূদেৱ গোস্বামী, জ্যেষ্ঠ নাগৰিক ক্ৰমে চৈতন্য দাস, নন্দ নাথ, বিৰেণ বৈশ্য, অনন্ত নাথ, অভয় দাস, সদানন্দ দাস আৰু দলেৰাম দাসে ৷

পশুপালন আৰু পশুচিকিৎসা বিভাগৰ গৱেষণা বিষয়া ডাঃ প্ৰিয়কান্ত গোস্বামীৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে প্ৰশংসা কৰে ৷ ইয়াৰ পূৰ্বেও প্ৰকৃতিপ্ৰেমী গৱেষক চিকিৎসকগৰাকীয়ে প্ৰকৃতিৰ ভাৰসাম্যতা ধৰি ৰাখিবলৈ ৰোপণ কৰিছিল মূল্যবান গছপুলি ৷ ইপিনে অমৃতবৃক্ষ আন্দোলনৰ অংশস্বৰূপে ৰামপুৰ গাঁৱৰ ৰাংঢালী ভি.অ' গ্ৰুপৰ ১০০গৰাকী মহিলাই অঞ্চলটোত ২০০ৰো অধিক গছপুলি ৰোপণ কৰে ।

বৰক্ষেত্ৰীৰ ৰামপুৰত গৱেষক চিকিৎসকৰ প্ৰচেষ্টাত গছপুলি ৰোপণ
ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্টলৈ এনাজৰী বঁটা-২০২৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in