/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c8542b55-4721-4a63-a44d-f91f5dd1221a/153.jpg)
চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে।
মঙলবাৰে পুৱা হনাহথিয়াল থানাৰ আৰক্ষীয়ে এখন টাটা চুম’ বাহনত তালাচী চলাই জব্দ কৰে বিস্ফোৰক সামগ্ৰীখিনি।
বিস্ফোৰক সামাগ্ৰী কঢ়িয়াই অনা বাহনখনৰ নম্বৰ MZ 01AA -3655।
বাহনখনৰ পৰা ৮০০০ জেলেটিন ষ্টিক আৰু ১৫০০ ডিটনেটৰ জব্দ কৰে আৰক্ষীয়ে।
আইজলৰ পৰা লংটলাই জিলাৰ সাংগাউ চহৰলৈ নি থকা অৱস্থাত জব্দ কৰা হয় সামগ্ৰীখিনি।
অবৈধভাৱে জেলেটিন ষ্টিক পৰিবহণ কৰি অনা বাহনখনৰ চালক চাংগাউ চহৰৰ ৰামৰুপুইয়া (২৪)ক গ্ৰেপ্তাৰ।
এই সংক্ৰান্তত চি আৰ. বিস্ফোৰক পদাৰ্থ আইনৰ ১৯/২৪ নং ৫(ক) অনুসৰি হ্নাহথিয়াল থানাত গোচৰ পঞ্জীয়ন।
জানিব পৰা মতে এই বিস্ফোৰকসমূহ ম্যানমাৰলৈ পৰিবহণ কৰাৰ পৰিকল্পনা কৰা হৈছিল।
অভিযুক্ত চালকজনক ৭২ ঘণ্টাৰ বাবে আৰক্ষীৰ জিন্মাত ৰখা হৈছে।
Also Read: বিজেপিৰ সতে ইউপিপিএলৰ মিত্ৰতা নাথাকিব : হাগ্ৰামা মহিলাৰী