বিজেপিৰ সতে ইউপিপিএলৰ মিত্ৰতা নাথাকিব : হাগ্ৰামা মহিলাৰী

ছেৰফাংগুৰী,ফকিৰাগ্ৰাম, জগদৈ,বাওখুংগ্ৰী, বাশবাৰী, ছালাকাটি আদিত নিৰ্বাচনী প্ৰচাৰ
বিজেপিৰ সতে ইউপিপিএলৰ মিত্ৰতা নাথাকিব : হাগ্ৰামা মহিলাৰী

ডিজিটেল সংবাদ,কোকৰাঝাৰ : তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো এসপ্তাহ বাকী থকা অৱস্থাত হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিত নিজ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ উঠিপৰি লাগিছে । ডাঙৰ ডাঙৰ সভা অনুষ্ঠিত কৰাৰ সলনি সময় আৰু ধন ৰাহি কৰাৰ লক্ষ্যৰে এইবাৰ বিপিএফে নিজৰ ৰণকৌশল সামান্য সলনি কৰা পৰিলক্ষিত হৈছে ।

সেই অনুসৰি অধিক সংখ্যক জনতাৰ কাষলৈ যোৱাৰ লক্ষ্যৰে মঙলবাৰৰ পৰা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ব্লক পৰ্যায়ৰ সভাত অধিক মনোনিৱেশ কৰিছে। আজি হাগ্ৰামা মহিলাৰীয়ে দোতমা ব্লকৰ অধীনৰ ছেৰফাংগুৰী , ফকিৰাগ্ৰাম ব্লকৰ জগদৈ,বাওখুংগ্ৰী ব্লকৰ বাশবাৰী আৰু ছালাকাটি ব্লকৰ হৰিগাঁৱত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

উক্ত সভাত কোকৰাঝাৰ আৰু দৰং -ওদালগুৰি লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ২ - ২.৫ লাখ ভোটৰ ব্যৱধানত জিকিব বুলি হাগ্ৰামাই উল্লেখ কৰে। নিজৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে কয় যে যোৱা ৪টা বছৰত বিটিচিবাসীয়ে একো উন্নয়ন দেখা নাপালে । বেলেগৰ অক্সিজেনত জীয়াই থকা ইউপিপিএলৰ পৰা নিৰ্বাচনৰ পিছত অক্সিজেন আঁতৰাই নিব বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰে।

ভাষণত মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োই এতিয়া নিজৰ জাতিকে চিনি নাপায়।তেওঁ আন জাতিক কেনেকৈ চিনি পাব বুলি প্ৰশ্ন উত্থাপন কৰে । নিৰ্বাচনত হাৰিব বুলি গম পাই এতিয়া প্ৰমোদ বড়োই ৰাতি ৰাতি কান্দে।

সমূহ বড়ো জনতা,সংখ্যালঘু , আদিৱাসী , কোচ-ৰাজবংশী, বেংগলী, নাথ-যোগী , গোৰ্খা -নেপালী , ৰাভা , হাজং , সূত্ৰধাৰ আদিকে ধৰি আন সকলো জাতি -জনগোষ্ঠীয়ে সকলোৱে এইবাৰ বিপিএফৰ নাঙত ছবিত ভোট দিব বুলি ভাষণত উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে । আপোনালোকক অৰুণোদয় লাগে নে মাটিৰ পট্টা লাগে বুলি জনতাক সম্বোধন কৰি মহিলাৰীয়ে জনতাক মাটিৰ পট্টা দিয়াৰ কথা সদৰী কৰে।

আনহাতে কোকৰাঝাৰত বিজেপিৰ নিজা প্ৰাৰ্থী নথকাৰ বাবে বিজেপিৰ কৰ্মী - সমৰ্থকসকলে ইউপিপিএলৰ সলনি নাঙলৰ ছবিতহে ভোট দিব বুলি মন্তব্য কৰে। দৰং -ওদালগুৰিত ইউপিপিএলৰ কৰ্মী -সমৰ্থকসকলে বিজেপিৰ সলনি নাঙলৰ ছবিতহে ভোট দিছে বুলি হাগ্ৰামা মহিলাৰীয়ে কয় ।

ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল বেয়াকৈ হাৰিব আৰু হাৰাৰ পিছত মুখলজ্জাৰ বাবে ৰাস্তাত প্ৰমোদ বড়োৱে ওলাব নোৱাৰিব । প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ গালি খাইছে বুলি সদৰি কৰি মহিলাৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰমোদ বড়োক কাম নকৰি অকল খাব জানা বুলি কৈছে।

ইয়াৰোপৰি বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা নিটিকিব বুলি দাবী কৰে হাগ্ৰামাই। ইউপিপিএলৰ কেইজনমান নেতা আৰু এবছুৰ কেইজনমান নেতা মিত্ৰতা আৰু তেওঁলোকৰ চৰকাৰ যে নিটিকিব সেয়া ভালদৰেই জানে বুলি মহিলাৰীয়ে উল্লেখ কৰে।

প্ৰমোদ বড়ো আৰু দ্বীপেন বড়োৱে ভালদৰে জানে যে বিজেপিৰ সতে তেওঁলোকৰ মিত্ৰতা আৰু চৰকাৰ নাথাকিব আৰু সেয়েহে যি কেইটা দিন আছে তেওঁলোক লুটৰ ধান্দাত আছে , কামৰ কোনো ধান্দা নাই বুলি কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে । তদুপৰি হাগ্ৰামা মহিলাৰীয়ে কয়- এবছুৰ সভাপতি দ্বীপেন বড়ো এতিয়া দ্বিতীয় চীফ। তেওঁ এবছুৰ সভাপতি হ'লেও এক নং ঠিকাদাৰো বুলি মন্তব্য কৰে। তেওঁ কোটি কোটি টকাৰ চাপ্লাই দি আছে বুলি হাগ্ৰামাই মত প্ৰকাশ কৰে ।

এবছুৰ সভাপতি দ্বীপেন বড়োৰ ওপৰত গুৰুতৰ অভিযোগ কৰি মহিলাৰীয়ে কয় যে দৰং -ওদালগুৰিৰ বড়ো মানুহখিনিয়ে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি দ্বীপেন বড়োৱে উচটনি দিছিল। দ্বীপেন বড়োৰ নিৰ্দেশতে তামোলপুৰ , ভেৰগাঁও , ওদালগুৰিৰ বড়োসকলে দিলীপ শইকীয়াক ভোট দিয়া নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

উক্ত সভাত মহিলাৰীয়ে কয় যে নিৰ্বাচনৰ পিছতে বিজেপিয়ে ইউপিপিএলৰ অক্সিজেন উঠাই ল'ব। সাংবাদিকৰ এক প্ৰশ্নত্তোৰত এনডিএ -ইউপিএ চিনি চিনি নাপাওঁ , জিকাৰ পিছত দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব বুলি হাগ্ৰামা মহিলাৰীয়ে কয় ।

লক্ষণীয়ভাৱে আজি হাগ্ৰামাা মহিলাৰীয়ে উপস্থিত ৰাইজক বিজেপিক গালি পাৰিবলৈ হাক দি ইউপিপিএলক গালি পাৰিবলৈ উপদেশ দিয়ে । উল্লেখ্য যে আজি অনুষ্ঠিত হোৱা বিপিএফৰ ব্লক পৰ্যায়ৰ নিৰ্বাচনী সভাসমূহত সকলো জাতি- জনগোষ্ঠী, ধৰ্মৱালম্বী লোকৰ বহুসংখ্যক লোক উপস্থিত থাকে । সভাসমূহত বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিটিচিৰ নিৰ্বাচিত সদস্য দনেশ্বৰ গয়াৰীয়ে হাগ্ৰামা মহিলাৰীক সঙ্গ দিয়ে ।

বিজেপিৰ সতে ইউপিপিএলৰ মিত্ৰতা নাথাকিব : হাগ্ৰামা মহিলাৰী
বিপিএফৰ দিনত বিটিআৰত সন্ত্ৰাসজৰ্জৰ পৰিৱেশ আছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in