বুজন পৰিমাণৰ নিষিদ্ধ ফেঞ্চডিল কফছিৰাপ জব্দ

বুজন পৰিমাণৰ নিষিদ্ধ ফেঞ্চডিল কফছিৰাপ জব্দ

author-image
Asomiya Pratidin
New Update
বুজন পৰিমাণৰ নিষিদ্ধ ফেঞ্চডিল কফছিৰাপ জব্দ

ডিজিটেল সংবাদ, শিলচৰ: নিষিদ্ধ ফেঞ্চডিল কফছিৰাপৰ বিৰুদ্ধে অভিযান চলাই মেঘালয় আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। খেলৰিয়াট আৰক্ষী আৰু এণ্টি-নাৰ্কটিকছ টাস্ক ফ’ৰ্চে যুটীয়া অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীৰ‌ গুডামৰ পৰা ৯৮৮৩টা ফেঞ্চিডাইল কফছিৰাপ‌ৰ বটল জব্দ কৰে। কফছিৰাপৰ‌ সৈতে গ্ৰেপ্তাৰ কৰা হয় আলতাফ হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ীজনক।

Advertisment

ধৃত আলতাফ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নকল ফেঞ্চিডাইল কফছিৰাপ প্ৰস্তুত কৰা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰতন‌ খাৰৰ উমুলঙত থকা এটা কাৰখানাত তালাচী চলাই বুজন পৰিমাণৰ কফছিৰাপ প্ৰস্তুত কৰা ৰাসায়নিক সামগ্ৰী, ২টা মেচিন নগদ ধনসহ কফছিৰাপ প্ৰস্তুত কৰাৰ‌ বাবে ব্যৱহাৰ কৰা অনান্য সামগ্ৰী জব্দ কৰে। অবৈধভাৱে বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে নিজৰ মিনি কাৰখানাত নকল কফছিৰাপসমূহ প্ৰস্তুত কৰা বুলি ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ড্ৰাগছ ব্যৱসায়ী ৰতন‌ খাৰে।‌

ৰতন খাৰৰ লগতে আৰক্ষীয়ে ৯৮৮৩টা কফছিৰাপ‌ৰ বটল‌সহ আলতাফ হুছেইন আৰু কফছিৰাপ সৰবৰাহ কৰা অসমৰ শ্বাহীনসহ ৩ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

ইফালে ড্ৰাগছ ব্যৱসায়ী ৰতন খাৰৰ কাৰখানাত অভিযান চলাই অবৈধ ড্ৰাগছ প্ৰস্তুত কৰা বুজন পৰিমাণৰ ৰাসায়নিক পদাৰ্থ, ২টা মেচিন, নগদ ধন হ যথেষ্ট পৰিমাণৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ১০০ মিলিলিটাৰৰ ৬০০ বটল এলকোডাইল কফচিৰাপ, ৫০০ মিলিলিটাৰৰ ১০ বটল ফ্লেভাৰিং পদাৰ্থ, ১ কেজিকৈ থকা ১১ বটল ফুড কালাৰ, ফেঞ্চিডাইল কফছিৰাপ প্ৰস্তুতত ব্যৱহৃত ১০ কেজি ডাইফেনহাইড্ৰামাইন হাইড্ৰক্লৰাইড, ১ কিলোগ্ৰাম ক্ল’ৰফেনিৰামাইন মেলেট, ফাৰ্মাক’লজী আৰু ঔষধ প্ৰস্তুতিৰ ওপৰত ৭খন কিতাপ, ৩৪টা ফেঞ্চিডাইল কফ ছিৰাপৰ‌ বটল, ফেঞ্চিডাইলৰ‌ ৭৮০টা খালী বটল, কফছিৰাপ বটলৰ ১টা কাৰ্টন কেপ, ১ বেগ কফছিৰাপৰ লেবেল, ১টা বটলিং মেচিন, ঔষধ প্ৰস্তুত আৰু পৰিশোধনৰ বাবে ব্যৱহৃত ২ টা অত্যাধুনিক মেচিন আৰু নগদ ধন ১১,৭৯০ টকা।

ইয়াৰ পূৰ্বে আলতাফ হুছেইনৰ‌ গুডামৰ পৰা ৪৬টা কাৰ্টনসহ ৯৮৮৩টা ফেঞ্চিডাইল কফছিৰাপ‌ৰ বটল জব্দ কৰিছে আৰক্ষীয়ে। এই সংক্ৰান্তত খেলৰিয়াট থানাত এটি গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Also Read: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ সামৰণি

assampolice