/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c7c95b0d-09dc-4561-bdd7-13c6bcb75183/z15.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ উত্তৰ -পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সাহিত্য, সাংস্কৃতি, আধ্যাত্মিক, সামাজিক জাতীয় অনুষ্ঠান শ্ৰী মন্ত শংকৰদেৱ সংঘৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে কামপুৰ জিলা শাখাৰ আতিথ্যত আৰু কামপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱটিৰ দেওবাৰে সামৰনি পৰে ।গুৰু জয়ন্তীৰ লগত সংগতি ৰাখি নাট সমাৰোহৰো আয়োজন কৰা হৈছিল।
দেওবাৰে পুৱাৰ ভাগত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণৰ পিছতেই প্ৰাতঃপ্ৰসংগ অনুষ্ঠিত হয়। ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথে। ১০ বজাৰ পৰা কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰৰ পৰা ভাগৱত আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। এই বিশাল শুভাযাত্ৰাত মহাপুৰুষীয়া কৃষ্টি সংস্কৃতি লগতে অসমৰ বিভিন্ন জাতি -জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়।
১১ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত কামপুৰ ৰাসপথাৰত অনুষ্ঠিত হয় মুকলি সভা। সভাখন উদ্বোধন কৰে প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই। সভাখনত উপস্থিত থাকে প্ৰাক্তন মূলৰ সদস্য ভৰত ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰী মন্তু শংকৰদেৱ সংঘৰ উপদেষ্টা কমলা কান্ত গগৈ, সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰাজেন গোঁহাই আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী।
মুকলি সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ উপ -পদাধিকাৰ দ্বয় চক্ৰধৰ সোনোৱাল, যুটীয়া সম্পাদক দ্বয় দিলীপ বৰা আৰু দেৱাঞ্জন বৰা, প্ৰাক্তন প্ৰধান সম্পাদক দ্বয় প্ৰফুল্ল চন্দ্ৰ বৰা আৰু বাবুল বৰা আদি। কামপুৰৰ সমাজকৰ্মী সুধাময় দাসে গুৰুজয়ন্তুী উপলক্ষে উদযাপন সমিতিয়ে প্ৰকাশ কৰা 'প্ৰাণবান্ধৱ' উন্মোচন কৰে।
Also Read: পুনৰ মূল্যবৃদ্ধি : ১.২৯ টকা পৰ্যন্ত বাঢ়িল বিদ্যুতৰ মাচুল, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ২০৯ টকা...