মণিপুৰ- নাগালেণ্ডত বাৰ্মিজ চুপাৰী আৰু কাঠ জব্দ

মণিপুৰ- নাগালেণ্ডত বাৰ্মিজ চুপাৰী আৰু কাঠ জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মনিপুৰৰ সমান্তৰালকৈ এইবাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অভিযান অসম ৰাইফলছৰ। গোপন তথ্যৰ ভিত্তিত কোহিমাৰ ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই মঙলবাৰে কেবাখনো চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে অসম ৰাইফলছে।

ট্ৰাক কেইখনৰ পৰা মুঠ ১২০ টন চুপাৰী জব্দ কৰা হয়। জব্দকৃত চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১৪.৩২ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। অবৈধভাবে চুপাৰী সৰবৰাহৰ অভিযোগত ট্ৰাকৰ চালক কেইজনক আটক কৰা হয়।

ইফালে, মনিপুৰতো বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিছে অসম ৰাইফলছে। কামজঙ জিলাৰ কাঙপাট এলেকাত অভিযান চলাই দুখন চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকৰ চালক দুজনকো আটক কৰে। ট্ৰাক দুখনৰ পৰা জব্দ কৰা ২৪০ বস্তা চুপাৰীৰ ওজন প্ৰায় ১৯.২ টন। জব্দ কৰা চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় ২.৩০৪ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে।

আন এক অভিযানত কাঙপাট এলেকাৰ পৰা দুখন চুপাৰী আৰু এখন কাঠ ভৰ্তি ট্ৰাকো জব্দ কৰে অসম ৰাইফলছে।‌ ট্ৰাক কেইখনৰ পৰা জব্দ কৰা চুপাৰী আৰু কাঠৰ মূল্য প্ৰায়৩.১৬ কোটি টকা।

মণিপুৰ- নাগালেণ্ডত বাৰ্মিজ চুপাৰী আৰু কাঠ জব্দ
চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী, আন এজনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in