মেঘালয়ত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

মেঘালয়ত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। লাড্ৰিমবাইত নাকা চেকিঙৰ সময়ত এখন নৈশ বাছত অহা যাত্ৰীৰ পৰা জব্দ কৰা হয় ২.৭৭১কিলো এমফেটামাইন টেবলেট। শিলচৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয় টেবলেটখিনি।

২টা বেগত থকা ১৪৯ টা সৰু পেকেটৰ পৰা জব্দ কৰা হয় টেবলেট খিনি। নিষিদ্ধ এই ড্ৰাগছৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী জন শ্বিলঙৰ হৰিজন কলনিৰ সঞ্জু সিং বুলি সদৰি কৰিছে আৰক্ষীয়ে। বৰ্তমান খেলৰিয়াট থানাত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

মেঘালয়ত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী
অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন হোৱা ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগৰো মাটি ৰামদেৱৰ দখলত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in