গুৱাহাটী-কামাখ্যা ৰে'ল ষ্টেচনত হেৰ’ইন জব্দ

জি আৰ পিয়ে অভিযান চলাই হেৰ'ইনখনি জব্দ কৰে
গুৱাহাটী-কামাখ্যা ৰে'ল ষ্টেচনত হেৰ’ইন জব্দ

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰা হৈছে। গুৱাহাটী ৰে’ল ষ্টেচন আৰু কামাখ্যা ৰে’ল ষ্টেচনত জব্দ কৰা হৈছে হেৰ’ইনখিনি।

জানিব পৰামতে, বাংগালুৰু এক্সপ্রেছৰ পৰা হেৰ’ইনখিনি জব্দ কৰিছে আৰক্ষীয়ে। ২১টা চাবোনৰ বাকচত ভৰাই অনা জব্দকৃত হেৰ'ইনখিনিৰ পৰিমাণ ২৬৪গ্রাম বুলি সদৰী কৰিছে। আনহাতে কামাখ্যা ৰে’ল ষ্টেচনৰ পৰাও এজন সৰবৰাহকাৰীৰ পৰা ২৭গ্রাম হেৰ’ইন জব্দ কৰে।

কামাখ্যা ষ্টেচনৰ ৪নং প্লেটফৰ্মত জি আৰ পিয়ে অভিযান চলাই উক্ত হেৰ'ইনখনি জব্দ কৰে। এই ঘটনাৰে জড়িত থকাৰ অভিযোগত এগৰাকী সৰবৰাহকাৰীক আটক কৰে।ধৃত সৰবৰাহকাৰীটোৰ নাম ৱাহিদুৰ ৰহমান। তেওঁৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে।

গুৱাহাটী-কামাখ্যা ৰে'ল ষ্টেচনত হেৰ’ইন জব্দ
শীৰ্ষত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in