/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/24bfaca0-c6f3-43da-9d73-6f66c78f0c29/282.jpg)
ডিজিটেল সংবাদ,ক'হিমা : নাগালেণ্ড ৰাজ্যৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি নগাসকলৰ পুৰাতন ঐতিহ্য, চহকী পৰম্পৰা তথা বৰ্ণিল লোককৃষ্টিৰে আজিৰে পৰা নগা ঐতিহ্য গাঁৱ কিছামাত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে ২৪ সংখ্যক হৰ্নবিল মহোৎসৱ। শুকুৰবাৰে পুৱা ক'হিমা সচিবালয়ৰ বাকৰিত ৬০ সংখ্যক নাগালেণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0c37f9c4-1732-4385-b1fb-037f8ba89c6d/1ee92f90_f301_4c3d_86f6_97556cf0d44c.jpg)
নাগালেণ্ডক সকলো দিশতে উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নগা জনসাধাৰণক আহ্বান জনায়। বিভিন্ন ঐতিহাসিক আৰু ভৌগোলিক কাৰকৰ বাবে ইষ্টাৰ্ণ নাগালেণ্ড অঞ্চলত এতিয়াও আৰ্থ-সামাজিক আৰু আন্তঃগাঁথনি উন্নয়ন পিছ পৰি থকা লক্ষ্য কৰি ৰিঅ’ই আশ্বাস দিয়ে যে চৰকাৰে এই অঞ্চলসমূহক ৰাজ্যৰ বাকী অংশৰ সম উন্নয়ন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/eac8d9f1-800d-47aa-8fc6-a359654f0cae/6a2d96dd_137b_46ae_b9f6_4d80f657e867.jpg)
লগতে তেওঁ সকলো নগা ৰাজনৈতিক গোট, কেন্দ্ৰীয় চৰকাৰ, আৰু অন্যান্য অংশীদাৰসকলক মতানৈক্য দূৰ কৰাৰ উপায় বিচাৰি উলিয়াবলৈ আৰু নগা ৰাজনৈতিক বিষয়টোৰ শান্তিপূৰ্ণ আৰু সমাধানত উপনীত হ’বলৈ আহ্বান জনায়। ইফালে বিয়লি ৪ বজাত নাগালেণ্ডৰ সংস্কৃতি আৰু পৰ্যটন বিভাগৰ উদ্যোগত কিছামাত নগা ঐতিহ্য গাঁৱত আৰম্ভ হোৱা দহদিনীয়া হৰ্নবিল উৎসৱ উদ্বোধন কৰে ভাৰতস্থ আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4496080f-1999-4bef-bb70-44c405b9fcbd/a8128d5f_4883_469d_9431_26f962ec49e2.jpg)
আনহাতে ভাৰতত থকা ব্ৰিটিছ উচ্চায়ুক্ত এলেক্স এলিছ, ভাৰতত কলম্বিয়াৰ ৰাষ্ট্ৰদূত ড° ভিক্টৰ ইচেভেৰী জাৰামিলো আৰু জাৰ্মান কনছুল জেনেৰেল কলকাতা বাৰ্বাৰা ভছে এই উৎসৱৰ সন্মানীয় অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত শোভা বঢ়াব। ২৪ সংখ্যক হৰ্নবিল উৎসৱৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণত দি নেইফিউ ৰিঅ’ই কয় যে, এই উৎসৱে নাগা জীৱন পদ্ধতিক উদযাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a3a4ba91-f12f-4c60-8e79-275977730ff9/a1462c0f_abf9_4c43_a556_e6685c6ba18c.jpg)
য’ত সকলো জনজাতি আৰু উপ-জনজাতি, স্থানীয় সম্প্ৰদায়, বেচৰকাৰী সংস্থা আৰু চৰকাৰক একত্ৰিত কৰে। তেওঁ কয় - নগা ঐতিহ্যৰ সমৃদ্ধি আৰু স্বকীয়তাক পুনৰুজ্জীৱিত সংৰক্ষণ কৰিবলৈ আহবান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/44ebe0aa-bcfc-4b4a-a2d9-91677dfe22e3/4f4e24b2_ae65_4306_8c10_12d56a7e14af.jpg)
ৰিঅ’ই কয় যে, বছৰ বছৰ ধৰি এই হৰ্নবিল উৎসৱে নিজৰ প্ৰাৰম্ভিক দৃষ্টিভংগীক অতিক্ৰম কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উৎসৱত পৰিণত হৈছে। মুখ্যমন্ত্ৰীয়ে অংশীদাৰ দেশ আমেৰিকা, জাৰ্মানী, আৰু কলম্বিয়াৰ লগতে অংশীদাৰ ৰাষ্ট্ৰ অসমৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই সহযোগিতাই সম্পৰ্ক শক্তিশালী কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2e3a1c95-0559-4adc-980a-ba9af36c396a/b086b5fb_0e48_492f_b621_680183a86657.jpg)
আনহাতে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেছানে কয় যে হৰ্ণবিল উৎসৱ এনে এক উৎসৱ য’ত পৰম্পৰাই আধুনিকতাক আকোৱালি লয়। উদযাপনসমূহে কেৱল নগা ঐতিহ্যৰ চহকী মিশ্ৰণকে প্ৰদৰ্শন কৰাই নহয়, বৈচিত্ৰ্যত ঐক্যৰ মনোভাৱকো মূৰ্ত কৰি তুলিছে, আৰু ই নগাসকলৰ চিৰস্থায়ী মনোভাৱ আৰু তেওঁলোকৰ গভীৰ শিপাই থকা পৰম্পৰাৰ প্ৰমাণ। ই কেৱল উৎসৱৰ সীমা অতিক্ৰম কৰি সাংস্কৃতিক উচ্ছলতাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি নগা আতিথ্যত নিমগ্ন হ’বলৈ আৰু ইয়াৰ বৈচিত্ৰময় সংস্কৃতিৰ সাক্ষী হ’বলৈ বিশ্বক মুকলি আমন্ত্ৰণ প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1f944c07-6ed6-4006-8106-247c57a9d4a5/03e67493_09af_4fdb_99f4_ff238c6f5661.jpg)
আজি হৰ্নবিল উৎসৱত ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টি, ভাৰতত থকা ব্ৰিটিছ উচ্চায়ুক্ত এলেক্স এলিছ, ভাৰতত থকা কলম্বিয়াৰ ৰাষ্ট্ৰদূত ড° ভিক্টৰ ইচেভেৰী জাৰামিলো, ভাৰতত থকা জাৰ্মান কনছুল জেনেৰেল বাৰ্বাৰা ভছ এই মহোৎসৱৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে ২৪ সংখ্যক হৰ্ণবিল উৎসৱত অংশীদাৰ হিচাপে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ,জাৰ্মানী আৰু কলম্বিয়া আৰু চুবুৰীয়া অসম।
ইফালে টাস্ক ফৰ্চ ফৰ মিউজিক এণ্ড আৰ্টছে আয়োজন কৰা হৰ্ণবিল মিউজিক ফেষ্টিভেলৰ মূল মঞ্চত বিশ্বৰ বিভিন্ন দেশৰ ৪০টা সংগীত বেণ্ড আৰু ৮০০ গৰাকী শিল্পীয়ে ৰক সংগীত পৰিবেশন কৰিব । এই সংগীত ফেষ্টিভেলত জাৰ্মানী, আমেৰিকা, কলম্বিয়া, দক্ষিণ কোৰিয়া, নাগালেণ্ড তথা উত্তৰ-পূবৰ বেণ্ডসমূহে অংশগ্ৰহণ কৰিব।
প্ৰথমবাৰৰ বাবে ৰাজ্যিক প্ৰাণী মেঠন আৰু নাগালেণ্ডৰ গ্ৰাম্য অঞ্চলৰ থলুৱা জাতৰ গাহৰিৰ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰোপৰি নাগালেণ্ডৰ চহকী মৌপালন পৰম্পৰা প্ৰদৰ্শন কৰা হ'ব। ১০ দিনীয়া এই উৎসৱৰত নাগালেণ্ডৰ ১৮টা সাংস্কৃতিক দলৰ দৈনিক লোকনৃত্য পৰিবেশন কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e78989ba-8db9-48d5-875e-eb3b6c76a47b/17c73dac_ebfb_44bc_820c_fcb8be79d7a7.jpg)
নাগালেণ্ডত নিৰ্মিত থলুৱা সামগ্ৰী বিক্ৰী, হস্ততাঁত আৰু হস্তশিল্প, শিল্পকৰ্ম, কৃষি আৰু মিত্ৰশিল্প, উদ্যান শস্য, পৰম্পৰাগত শিল টানি অনুষ্ঠান, চলচ্চিত্ৰ মহোৎসৱ, ফটো ফেষ্ট, অফ ৰোড, নিশাৰ কাৰ্নিভাল ,জুকু উপত্যকাৰ অভিজ্ঞতা, গাঁও বা ঐতিহ্য খোজ, কিডছ কাৰ্নিভাল, ক্ৰীড়া উৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত নাগালেণ্ডৰ সকলো জাতিগত, বৈচিত্ৰ্য আৰু পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য’ প্ৰদৰ্শিত হ'ব।
Also Read: তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা