/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8ddb58f4-2bdb-4128-b666-cb363f162456/hornbill_fest.jpg)
ডিজিটেল সংবাদ, ৱাখা : নাগালেণ্ডৰ ২৩ সংখ্যক হৰ্ণবিল উৎসৱৰ আজি তৃতীয় দিনা নগাসকলৰ পুৰাতন লোকগীত নৃত্য উপভোগ কৰিবলৈ কিছামৰ বাকৰিত দেশী-বিদেশী পৰ্যটকৰে ভৰি পৰে। পৌচুৰী, ফম আৰু চেমা আৰু গাৰোকে ধৰি সাতটা জনগোষ্ঠীৰ বৰ্ণিল লোকনৃত্য গীতেৰে মুখৰ হৈ পৰা আজিৰ হৰ্ণবিল উৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল হৰি কুমাৰ আৰু আছাম ৰাইফলছ ডাইৰেক্ট জেনেৰেল জগামোহন সিং সিডানা কমাণ্ডেণ্ট এচিইএমই আৰু কৰ্ণেল কমাণ্ডেণ্ট কৰ্পছ ইএমইয়ে তেওঁৰ পত্নীৰ সৈতে অতিথি হিচাপে উৎসৱৰ শোভা বঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ee75ca04-0e42-449f-9cbb-96d31d09eab9/WhatsApp_Image_2022_12_04_at_9_37_22_AM__3_.jpeg)
তৃতীয় দিনা এই উৎসৱৰ আয়োজক হিচাপে উপস্থিত থাকে উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী টেমজেন ইমনা আলং আৰু আবকাৰী, নিৰাপত্তা আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ উপদেষ্টা ঝালেও ৰিঅ’। এডিমেৰেল গৰাকীয়ে কিছামাৰ ঐতিহ্য গাঁৱত প্ৰদৰ্শিত নগাসকলৰ পুৰাতন চহকী সংস্কৃতি আৰু পৰম্পৰাগত লোক ক্ৰীড়া দেখি অভিভূত হৈ পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1da4119c-5ddb-48b5-afe2-7216979939a2/WhatsApp_Image_2022_12_04_at_9_37_27_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e4d313e7-a0ef-445b-8596-6402c593c2b3/WhatsApp_Image_2022_12_04_at_9_37_30_AM.jpeg)
ইফালে কিছামাৰ নাগা হেৰিটেজ ভিলেজৰ এম্ফিথিয়েটাৰত অনুষ্ঠিত হোৱা নাগালেণ্ড ৰেছলিং এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা ১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় হৰ্ণবিল নাগা ৰেছলিং অৰ্থাৎ মল্লযুঁজ চেম্পিয়নশ্বিপত বিজয়ী হয় ক'হিমা গাঁৱৰ ২৪ বছৰীয়া কেঝাচেলুও পিয়েনিউৱে । তেওঁৰ উচ্চতা ৬.৩ ফুট আৰু ওজন ১২৯ কিলোগ্ৰাম, আনহাতে ডাউহুও ফেক জিলাৰ অন্তৰ্গত থেনিজু গাঁৱৰ। ৫.১০ ফুট ওখ আৰু ওজন ৯৮ কিলোগ্ৰাম। ১.২ লাখ টকাৰ নগদ পুৰস্কাৰ লৈ চেম্পিয়নগৰাকীয়ে ঘৰলৈ খোজ কাঢ়ি যোৱাৰ বিপৰীতে ৰানাৰ্ছ আপে লাভ কৰে ৮০ হাজাৰ টকা। চেম্পিয়নশ্বিপৰ তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰি ৰুকুখোটো খেচোহ আৰু ভেমেলে থিংগোৱে ক্ৰমে ৪০ হাজাৰ আৰু ২০ হাজাৰ টকা লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/40a579af-de58-4a66-9b0c-b053a81ed949/WhatsApp_Image_2022_12_04_at_9_37_22_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b600ff41-c58a-4c1f-8f39-1b6928905db5/WhatsApp_Image_2022_12_04_at_9_37_30_AM__1_.jpeg)
চেম্পিয়নশ্বিপ খিতাপৰ বাবে আংগামী স্প’ৰ্টছ এছ’চিয়েশ্যন, চাখেছাং ৰেছলিং এছ’চিয়েশ্যন আৰু জেলিয়াং ৰেছলিং এছ’চিয়েশ্যনৰ মুঠ ২৪ গৰাকী মল্লযুঁজাৰুৱে অংশগ্ৰহণ কৰে। আনহাতে পৰ্যটকৰ শাখাত মণিপুৰৰ সেনাপতি জিলাৰ ৰাখোভেইও লিমাইয়ে চেম্পিয়ন হয় । তাৰ পিছতে ৰানাৰ্ছ আপ হিচাপে মকোকচুং জিলাৰ চেণ্টিলং ইমচেনে। এই প্ৰতিযোগিতাত ব্ৰিটেইনৰ এজন পৰ্যটকে ধৰি ১২ গৰাকী মল্লযুঁজাৰুৱে অংশগ্ৰহণ কৰে। আনহাতে বিলুপ্তপ্ৰায় কেটাপল্ট টাৰ্গেট খেলখনক পুনৰুজ্জীৱিত কৰিবলৈ জনজাতি পৰিক্ৰমা বিভাগে আজি দ্বিতীয় সংস্কৰণৰ কেটাপল্ট টাৰ্গেট প্ৰতিযোগিতাৰ আয়োজন কৰে। এই প্ৰতিযোগিতাত জেলিয়াং, চুমি, ৰেংমা, পচুৰী, কছাৰী, আও, কুকি, আৰু চাখেছাঙৰ সাংস্কৃতিক দলৰ পৰা মুঠ ১৮ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। ইমনাছুনেপ আও বিজয়ী হোৱাৰ বিপৰীতে আকুমনুংচেট আও, আৰু কাম্মিনহাও কুকিয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ স্থান লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a4886815-ecd9-4e58-9691-dae0c42c00af/WhatsApp_Image_2022_12_04_at_9_37_28_AM__1_.jpeg)
বিয়লিৰ হৰ্ণবিল মহোৎসৱত মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সঞ্জয় কুমাৰে বিশেষ অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে সন্মানীয় অতিথি হিচাপে আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত শিলচৰ অমৰেন্দ্ৰ কুমাৰ (আই আৰ এছ) আৰু অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নাইৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/205d1f45-76b6-47bf-a661-595894035a2b/WhatsApp_Image_2022_12_04_at_9_37_23_AM.jpeg)
২৩ সংখ্যক হৰ্ণবিল উৎসৱৰ লগত সংগতি ৰাখি ৰাইটাৰ্ছ কালেকটিভ কোহিমাই কোহিমাৰ কেপিটেল কনভেনচন হলত নাগালেণ্ড সাহিত্য মহোৎসৱৰ আয়োজন কৰে।
এই মহোৎসৱত পেনেল আলোচনা, সাহিত্যৰ ধাৰা, লেখকৰ আলোচনা, সৃষ্টিশীল লেখা, কথিত শব্দৰ প্ৰতিযোগিতা, লেখকৰ সৈতে কথা-বতৰা, লেখকক লগ পোৱা, কিতাপৰ স্বাক্ষৰ, নাটক, গ্ৰন্থ বিক্ৰী, খাদ্য আৰু সংগীত আদি অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/049e5fbe-7064-45b1-8453-6b35ea424f3b/WhatsApp_Image_2022_12_04_at_9_37_28_AM.jpeg)
উল্লেখযোগ্য যে মহোৎসৱৰ প্ৰথম দিনটোত কিছামালৈ ১৫৭ জন বিদেশী, ৩২০৫ জন ঘৰুৱা আৰু ১১,১২০ জন স্থানীয় পৰ্যটককে ধৰি মুঠ ১৪, ৪৮২ জন দৰ্শনাৰ্থী আহিছিল। দ্বিতীয় দিনটোত ২২১ জন বিদেশী পৰ্যটক, ৩৯৮৫ জন ঘৰুৱা আৰু ৬৮৮৯ জন স্থানীয় পৰ্যটককে ধৰি মুঠ ১১,০৯৫ জন লোক উপস্থিত হয়। আনহাতে হৰ্ণবিল উৎসৱৰ তৃতীয় দিনটো বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শনেৰে ১৬২ জন বিদেশী পৰ্যটক, ৪১৪৮ জন ঘৰুৱা আৰু ৭৬৯৫ জন স্থানীয় পৰ্যটককে ধৰি মুঠ ১২,০০৫ জন দৰ্শকে সাংস্কৃতিক উৎসৱৰ সাক্ষী হয়।
আৰু পঢ়ক : ঐতিহ্যমণ্ডিত গাওঁ কিছামাত পুৰাতন নগা লোকনৃত্য গীতত উজলিল ২৩ সংখ্যক হৰ্ণবিল উৎসৱ...