/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d74e7545-3db4-4462-84f0-9f02774c2ade/hornbill_fest.jpg)
ডিজিটেল সংবাদ, ৱাখা : নগা ঐতিহ্যমণ্ডিত গাওঁ কিছামাত বৃহস্পতিবাৰৰে পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় হৰ্ণবিল উৎসৱ দ্বিতীয় দিনা নগাসকলৰ পুৰাতন অতুলনীয় লোক সংগীত আৰু লোককৃষ্টিৰে উজলি উঠিছে। পুৱা দহ বজাৰ লগে লগেই কিছামৰ বাকৰিত ষোল্লটা নগা জনগোষ্ঠীৰ পুৰাতন বৰ্ণিল লোককৃষ্টিৰ দৃষ্টিনন্দন নৃত্য - গীতৰ অপূৰ্ব সমন্বয়ত নগা ঐতিহ্যমণ্ডিত কিছামাৰ গাঁৱৰ বাকৰি এক প্ৰকাৰ মায়াময় হৈ পৰে । নগা লোকনৃত্য-সংগীতৰ অপূৰ্ব সমাহাৰৰ মূৰ্ছনাত কিছামাৰ ঐতিহ্যমণ্ডিত গাঁৱত মন্ত্ৰমুগ্ধ হৈ পৰিছে হাজাৰ হাজাৰ দেশী- বিদেশী পৰ্যটক । শীতৰ ৰৌদ্ৰোজ্বল মায়াময় পৰিবেশত নগাসকলৰ প্ৰাচীন লোককৃষ্টিত উদ্ভাসিত হৈপৰিছে উৎসৱ আৰু যুদ্ধৰ ভূমি নাগালেণ্ড ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2de6f9f9-582d-44fc-b4f1-538f15dd05e0/WhatsApp_Image_2022_12_03_at_3_09_02_AM.jpeg)
হৰ্ণবিল মহোৎসৱৰ সাংস্কৃতিক দিৱসৰ আজি দ্বিতীয় দিনা বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দক্ষিণ এছিয়া কাৰ্যালয়ৰ সঞ্চালক ৰবি ভাটনাগৰ। ভাষণত তেওঁ কয় যে সুস্থ কিশোৰ-কিশোৰী সুস্থ, সুখী ভৱিষ্যতৰ মূল চাবিকাঠি কিছামাত । ভাটনগৰে কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰন্তৰ সহায় আগবঢ়াবলৈ আৰু ১০ৰ পৰা ১৯ বছৰীয়া যুৱ কিশোৰ-কিশোৰীক জীৱন- দক্ষতা শিক্ষাৰে ডাঙৰ হোৱাত সহায় কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6d632f44-6422-4666-a090-b1ed4ff34373/WhatsApp_Image_2022_12_03_at_3_09_03_AM__1_.jpeg)
তেওঁ কয় যে হৰ্ণবিল উৎসৱে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক এক আদৰ্শ মঞ্চ প্ৰদান কৰিছে যি এখন সুস্থ, সুখী, আৰু প্ৰগতিশীল ভাৰত গঢ়ি তুলিবলৈ সক্ষম হ’ব। ইফালে শুকুৰবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ঐতিহাসিক দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিসৌধ পৰিদৰ্শন কৰি কৰ্তব্যৰত অৱস্থাত নিজৰ পৰম ত্যাগ কৰা বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁলোকৰ সাহস আৰু নিস্বাৰ্থতাৰ কাৰ্যই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি শুকুৰবাৰে তেওঁ দিল্লীলৈ ৰাওনা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/33a7ac3f-103e-4293-9c43-c0ca48df2937/WhatsApp_Image_2022_12_03_at_3_09_04_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fabcf3ef-5504-4250-ae26-689d5b5cbed6/WhatsApp_Image_2022_12_03_at_3_09_02_AM__1_.jpeg)
উল্লেখযোগ্য যে হৰ্ণবিল উৎসৱৰ দ্বিতীয় দিনা পঞ্চম সংস্কৰণ হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় ষ্টঙমেন প্ৰতিযোগিতা, নগা পৰম্পৰাগত শিল দলিওৱা প্ৰতিযোগিতা, দ্বিতীয় বিশ্বযুদ্ধ শান্তি সমদল, ফটো প্ৰদৰ্শনী, নগা ৰন্ধন প্ৰণালী প্ৰতিযোগিতা, হস্তশিল্প, উদ্যান শস্য বিক্ৰী প্ৰদৰ্শনী, হেণ্ডচেক মিউজিক কনচাৰ্ট, সান্ধ্য নাইট কাৰ্নিভেল অনুষ্ঠিত হয় । ইফালে নাগালেণ্ড পৰ্যটন আৰু টাস্ক ফ’ৰ্চ ফৰ মিউজিক এণ্ড আৰ্টছ (TaFMA)ৰ সহযোগত বিউটি এণ্ড এষ্টেটিক ছ’চাইটি অৱ নাগালেণ্ড (BASN)ৰ উদ্যোগত অনুষ্ঠিত হব মিছ নাগালেণ্ড ২০২২ৰ ৩৩ সংখ্যক সংস্কৰণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fe8c5b62-ecb2-40e7-a21b-9c4d076da76e/WhatsApp_Image_2022_12_03_at_3_09_04_AM__1_.jpeg)
নাগালেণ্ডত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে হৰ্ণবিল উৎসৱ চলি থকা মাজতে সুকীয়া ৰাজ্যৰ দাবীত ৰাজ্য চৰকাৰৰ আহ্বান সত্ত্বেও ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনে অঞ্চলটোৰ জনজাতিসকলক বাৰ্ষিক হৰ্ণবিল মহোৎসৱত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত কন্যাক জনগোষ্ঠীয়ে হৰ্ণবিল উৎসৱত অংশগ্ৰহণৰ পৰা বিৰত থাকে ।
আৰু পঢ়ক : বিশ্বকাপত এছিয়ান দলৰ উত্থান...