বিশ্বকাপত এছিয়ান দলৰ উত্থান...

বিশ্বকাপত এছিয়ান দলৰ উত্থান...

ডিজিটেল ডেস্ক : ৯০'ৰ দশকৰ পাছত আটাইতকৈ ৰোমাঞ্চকৰ ফুটবল বিশ্বকাপ বুলিলে প্ৰথমেই মনলৈ আহে ২০১০ চনৰ বিশ্বকাপ । ব্ৰাজিলত ছাম্বাৰ ছন্দে ছন্দে নাচিবলৈ বাধ্য হৈছিল সমগ্ৰ বিশ্ব । বিশ্বকাপৰ উদ্বোধনী গীতৰ পৰা আৰম্ভ কৰি সামৰণি অনুষ্ঠানলৈ সকলো দিশৰ পৰাই যেন এক নিখুত বিশ্বকাপ আছিল ২০১০ চনৰ বিশ্বকাপ ।  ২০২২ বৰ্ষৰ কাটাৰ বিশ্বকাপত নাই সেই উদ্যম, ষ্টেডিয়ামত নিষিদ্ধ গীত । বিশ্বকাপত খেলাৰ যোগ্যতাই অৰ্জন নকৰিলে ইউৰোপৰ অন্যতম শক্তিশালী দল ইটালীয়ে ।

কিয়নো এইবাৰৰ বিশ্বকাপত দেখা গ'ল এছিয়ান দল সমূহৰ আক্ৰমণাত্মক ফুটবল শৈলী । ইতিমধ্যেই ৰাউণ্ড ১৬ৰ বাবে যোগ্যতা অৰ্জন কৰিলে জাপান আৰু দক্ষিণ কোৰিয়াই । জাপানে ২০১০ৰ চেম্পিয়ন স্পেইনক ২-১ আৰু শেষ নিশা দক্ষিণ কোৰিয়াই পৰ্টুগালক ২-১ত পৰাস্ত কৰাৰ পিছতেই চৌদিশে সৃষ্টি হ'ল চাঞ্চল্যৰ ।

বিশ্বকাপত খেলিবলৈ যোগ্যতা অৰ্জন কৰিবলৈয়ে দলসমূহ শক্তিশালী হোৱা উচিত কিন্তু ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ বাবে ফুটবল এক ধৰ্ম । তেনে দেশ সমূহক ফুটবলত পৰাস্ত কৰাটো যিদৰে ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ বাবে অঘটন তেনে দৰেই এছিয়াৰ বাবে কোনো সপোনতকৈ কম নহয় । এই সপোন পূৰণ কৰি দেখুৱালে কাট‍াৰ বিশ্বকাপে । এতিয়া অপেক্ষা মাথো বিশ্ব ফুটবলত এছিয়াৰ আধিপত্যৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in