ত্ৰিপুৰাত গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিলে 'ৰথ যাত্ৰা'

মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত গৃহমন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাত গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিলে 'ৰথ যাত্ৰা'

ত্ৰিপুৰাত গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিলে 'ৰথ যাত্ৰা'

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে শাসকীয় বিজেপিৰ ‘ৰথ যাত্ৰা’ৰ আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ইতিমধ্যে ত্ৰিপুৰাত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি মুখ্যমন্ত্ৰী ড০ মাণিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেবৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ।

Advertisment

বৃহস্পতিবাৰে শাসকীয় বিজেপিৰ ‘ৰথ যাত্ৰা’ৰ আনুষ্ঠানিক নিৰ্বাচনী প্ৰচাৰৰ ফ্লেগ অফ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই জনোৱা অনুসৰি গৃহমন্ত্ৰীগৰাকীয়ে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে শ্বাহে দুখনকৈ ৰথ যাত্ৰাৰ ফ্লেগ অফ কৰে। ত্ৰিপুৰাৰ উত্তৰ জিলাৰ ধৰ্মনগৰৰ পৰা এখন ৰথ যাত্ৰা আৰম্ভ হোৱাৰ বিপৰীতে দক্ষিণ জিলা ছাব্ৰুমৰ পৰা আন এখন ৰথ যাত্ৰা আৰম্ভ হয়।

উল্লেখ্য যে, আগন্তুক ২০২৩ বৰ্ষত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভ‍া নিৰ্বাচন। ইয়াৰ পূৰ্বে আজিৰে পৰা ত্ৰিপুৰাত কেন্দ্ৰীয় শাসনাধিষ্ঠ দল বিজেপিয়ে অনুষ্ঠিত কৰিছে ৰথ যাত্ৰাৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই যাত্ৰাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে দক্ষিণ ত্ৰিপুৰাত এক শোভাযাত্ৰাটো অংশ গ্ৰহণ কৰে।

আৰু পঢ়ক: কলিয়াবৰত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ...

northeast tripura amitsah