কলিয়াবৰত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ...

কলিয়াবৰত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ...

কলিয়াবৰত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ কলিয়াবৰঃ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগত বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাৰ ৰাঙলুত আটছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চিকনি পাম্পিং ষ্টেচনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ সাৱ্যস্ত কৰি প্ৰতিবাদকাৰীসকলে স্থানীয় শিক্ষিত নিবনুৱাক সংস্থাপনৰ দাবী, চিকনি পাম্পিং ষ্টেচনৰ বাবে অধিগ্ৰহণ কৰা মাটিৰগৰাকীক ক্ষতিপূৰণ প্ৰদানৰ দাবী, স্থানীয় গ্ৰামাঞ্চলৰ উন্নয়নৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী অইল কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰে ৷

Advertisment

উল্লেখ্য যে,প্ৰায় ৫০ বছৰ পূৰ্বে কলিয়াবৰৰ ৰাঙলুত অইল ইণ্ডিয়া লিমিটেডে চিকনি পাম্পিং ষ্টেচনটো স্থাপন কৰে যদিও আজিলৈকৈ স্থানীয় ৰাইজৰ দাবী পূৰণ নকৰাত ক্ষোভ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। বৃহস্পতি বাৰে আটছাৰ কলিয়াবৰ শাখা সমিতিৰ উদ্যোগত আৰু চিকনি, বুঢ়াপাহাৰ আৰু ৰাঙলু প্ৰাথমিক গোটৰ সহযোগত অইলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শতাধিক সদস্য।

চিকনি পাম্পিং ষ্টেচনৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আটছাৰ সদস্যসকলে। স্থানীয় নিবনুৱাক সংস্থাপন, অধিগ্ৰহণ কৰা মাটিৰ ক্ষতিপূৰণ আদায় দিয়াকে ধৰি শীঘ্ৰে দাবীসমূহ পূৰণ নহ'লে অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

ক্লিক কৰি পঢ়কঃ আৰম্ভ হ'ল সদৌ অসম ষ্টেট জুনিয়ৰ ৰেংকিং কালিয়নি অপেন টেনিছ-২০২৩ প্ৰতিযোগিতা

কলিয়াবৰ অইল ইণ্ডিয়া